Breaking

নাজিৰা সমষ্টিত শান্তিপূৰ্ণ ভাৱে ভোটদান : ৰাইজৰ লগতে শাসক, বিৰোধী দুয়োগৰাকী প্ৰাৰ্থীৰ ভোটাধিকাৰ সাব্যস্ত

0 2,052

শনিবাৰে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ বিভিন্ন সমষ্টিৰ লগতে নাজিৰাত শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ আৰম্ভ ৷ পুৱা ৭.৩০ বজাৰ পৰা ১০৪নং নাজিৰা বিধানসভা সমষ্টিত বিভিন্ন ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । প্ৰায়বোৰ ভোটকেন্দ্ৰতে ভোটাৰৰ মুখত দেখা গৈছে মাস্ক আৰু হাতত হাত মোজা । একেদৰে ভোট কেন্দ্ৰবোৰত ভোটাৰক মাস্ক যোগান ধৰা পৰিলক্ষিত হৈছে । তাৰ সমান্তৰাল ভাৱে সকলো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখা গৈছে । আজি ৰাজ্যজুৰি অনুস্থিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰত ভোটাৰ সকলে সাব্যস্ত কৰিছে ভোটদান । ১০৪নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই নাজিৰাৰ জল সম্পদৰ উপ সংমণ্ডলৰ কাৰ্য্যালয়ত ভোটদান সাব্যস্ত কৰিছে ।

আনহাতে ১০৪নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে ইতিমধ্যে ভোটদান সাব্যস্ত কৰিছে । বালিঘাট জনজাতি প্ৰাথমিক বিদ্যালয়ত নাজিৰাৰ বিজেপি দলৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে সাব্যস্ত কৰে ভোটদান । ভোটদান কৰি প্ৰাৰ্থী দুগৰাকীয়ে নিউজ টাইম অসমৰ আগত কয়, ভোটাৰ ৰাইজ পুৱাই ওলাই আহিছে । ই গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ । ৰাজ্যৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত ৰাইজে ভোট দিব । লগতে নাজিৰাবাসী ৰাইজে উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব আৰু পুনৰ এখন শক্তিশালী চৰকাৰ গঠন হ’ব বুলি প্ৰাৰ্থী দুগৰাকীয়ে সংবাদ-মাধ্যমৰ আগত উল্লেখ কৰে ৷

Leave A Reply