Breaking

খাৰুপেটীয়াৰ এখন দলঙৰ বাবে যন্ত্ৰনা ভুগিছে পথচাৰী, ছাত্ৰ ছাত্ৰীয়ে…

0 1,060

দৰঙৰ খাৰুপেটীয়া নগৰৰ পৰা শ্যামপুৰ আৰিমাৰীলৈ যোৱা একমাত্ৰ পথৰ দলঙৰ বাবে যমৰ জাতনা ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজ । অতি ব্যস্ততা পূৰ্ণ পথটোৰে দৈনিক শ শ লোকৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে । পূৰ্বৰ কাঠৰ দলং খন জহি খহি যোৱাত নিৰ্মাণ হৈ আছে এখন পকী দলং । কিন্তু পকী দলং নিৰ্মাণত ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই  হেমাহি কৰাৰ অভিযোগ । দীৰ্ঘ দিন ধৰি মৰণফান্দ সদৃশ লোহাৰ জইছৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছে কেইবাখনো গাঁৱৰ ৰাইজ । যমৰ জাতনা ভুগি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও ভয় শংকাৰ মাজেৰে যাতায়ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে কেইবাদিনো ধৰি ধাৰাষাৰ বৰষুণৰ ফলত কালাপানী নদীৰ পানী বৃদ্ধি পোৱাত লোহাৰ জইছ ডুব যোৱা অৱস্থা হৈছে । পানী মেটেকাৰ হেচাত বিপদ মাতিছে লোহাৰ জইছ লৈ । যিকোনো মূহুৰ্তত পথচাৰীৰ সংঘটিত হ’ব পাৰে অঘটন । পানী মেটেকা আতৰাই লোহাৰ জইছ কেইখন ৰক্ষা কৰিবলৈ কোনো প্ৰস্তুতি নাই বিভাগীয় কৰ্তৃপক্ষ তথা দলং খনৰ দায়িত্ব পোৱা ঠিকাদাৰৰ । উল্লেখযোগ্য যে , ২০১৭ চনত দলগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে আধাৰশিলা স্থাপন কৰা দলং খনৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ নোহোৱাত একুৰিৰো অধিক গাঁৱৰ ৰাইজে যাতায়ত কৰাত তীব্ৰ বাধাৰ সন্মুখীন হৈছে । শীঘ্ৰে দলং খনৰ কাম সম্পূৰ্ণ কৰি যাতায়ত ব্যৱস্থা সূচল কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ।

Leave A Reply