Breaking

নগৰবেৰাত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ পাতিলে দীঘলীয়া শাৰী। ভেকচিন নাপাই বহুত উভতিল অহাবাটে

0 2,042

দেশ তথা ৰাজ্যত কৰোণাৰ সংহাৰ অব্যাহত, প্ৰতিদিনে মৃত্যু হৈছে ইজনৰ পিছত সিজনকৈ লোকৰ। ৰাজ্যত কৰোণাৰ দ্বিতীয়টো ঢৌয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে যাৰ বাবে কৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে কভিড’১৯ টিকাকৰণ অভিযান আৰম্ভ কৰিছে।  আজি পুৱাৰে পৰা নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ দীঘলীয়া শাৰী পতাৰ দৃশ্য পৰিলক্ষিত হয়। অনলাইন পঞ্জীয়ন কৰি ভেকচিন থলীত দীঘলীয়া শাৰী পাতি সামাজিক দূৰত্ব নৰখাকৈ ঘন্টাৰ পাছত ঘন্টা ধৰি আশাৰে ৰৈ আছিল বহু লোক পিছে ভেকচিন নাপাই অহা বাটেৰে  উভতি গল বহুতে। জানিব পৰা মতে অনলাইনত পঞ্জীয়ন কৰিলেই নাপাব ভেকচিন, কভিড ভেকচিন লবলৈ হলে অনলাইন পঞ্জীয়ন কৰাৰ লগতে আগতীয়াকৈ কৰিব লাগিব বুকিং। বিষয়টো লৈ ভেকচিন থলীত বঞ্চিত হিতাধিকাৰীৰ মাজত যথেষ্ট অসন্তুষ্টিৰ পৰিলক্ষিত হয়। অজ্ঞাতাৰ বাবেই আগতীয়াকৈ বুকিং নথকা সকলে ঘন্টাৰ পিছত ঘন্টা ধৰি আশাৰে ৰৈ থাকি অৱশেষত দুখে-বেজাৰে ঘৰমুৱা হবলগীয়া হয়।

Leave A Reply