Breaking

দৰঙৰ বৰনৈ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ…

0 56

দৰঙৰ বৰনৈ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ । দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অন্যতম শিক্ষা প্ৰতিষ্ঠান দুমুনিচকীস্থিত বৰনৈ মহাবিদ্যালয়ৰ নিম্নমানৰ সামগ্ৰীৰে শ্ৰেণীকোঠা নিৰ্মাণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কি আঁচনিত অৰ্ন্তভূক্ত হল নিৰ্মীয়মান গৃহটিৰ আজিলৈ এই বিষয়ে লগোৱা নাই ফলক । বৰনৈ মহাবিদ্যালয়ৰ পৰিচালানা সমিতি তথা অধ্যক্ষই অবগত নহয় নৱ নিৰ্মীয়মান গৃহটিৰ বিষয়ে ।

দৰং জিলাৰ উপায়ুক্তক উচিত তদন্ত কৰি প্ৰকৃত আঁচনিখনৰ মতে নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীৰ উপযোগী কৰি তুলিবলৈ আহ্বান জনাইছে বৃহত্তৰ দুমুনিচকীৰ অঞ্চলৰ ৰাইজে ।

Leave A Reply