Breaking

জুবিনৰ সংগীতানুষ্ঠানত লোকে -লোকাৰণ্য পৰিৱেশ

0 69

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত বৰছলাত ৰঙালীৰ উচাহত বুৰ গৈছে ৰাইজ৷বৰছলা আঞ্চলিক ৰঙালী বিহু সন্মিলনে আয়োজন কৰা সোণালী জয়ন্তী বৰ্ষ সমাৰোহকলৈ ৰাইজৰ মাজত ব্যাপক আনন্দৰ ঢল বোৱা দেখা গৈছে৷দক্ষিণ বৰছলা হাইস্কুল খেল পথাৰত যোৱা পহিলা বহাগত বিহু পতাকা উত্তোলনৰে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভণিৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰে বিশিষ্টা অভিনেত্ৰী চেতনা দাসে৷

২ বহাগত সমূহীয়া বৃক্ষৰোপণ,বন্যপ্ৰাণী আৰু পৰিবেশ সুৰক্ষা বিষয়ক আলোচনা চক্ৰ আদি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷৩বহাগত ভেশচন প্ৰতিযোগিতাৰ লগতে বহু ভাষিক কবি সন্মিলন অনুষ্ঠিত হয়৷একেদৰে ৪বহাগত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়৷৫ বহাগত সন্ধিয়া হুচৰি,জেং বিহু,লোকনৃত্য পৰিবেশনৰ লগতে স্থানীয় শিল্পীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ৬বহাগত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হয় সৰু বিহু প্ৰতিযোগিতা।৭ বহাগৰ সন্ধিয়া  ৬.৩০ বজাৰ পৰা মূল সভা অনুষ্ঠিত হয়।

বৰছলা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাত
স্মৃতি গ্ৰন্থ “স্বৰ্ণীল যাত্ৰা” উন্মোচন কৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ শুকদেব অধিকাৰীয়ে।  সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সভাপতি অভিজিত নাথ, সহকাৰী সাধাৰণ সম্পাদক দেবাশীষ দেবনাথ, পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অনংগমোহন দাস  আৰু স্থানীয় বহু কেইগৰাকী বয়জ্যেষ্ঠ ব্যক্তিয়ে।

ইয়াৰ পিছত সত্ৰীয়া নৃত্য, বৰগীত পৰিৱেশনৰ পিছতে অন্তিম নিশাৰ মূখ্য আকৰ্ষণ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে বৰছলা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন সমাৰোহৰ ৰ সফল সামৰণি পৰে। উল্লেখযোগ্য যে  বৰছলা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তীৰ সপ্তাহজুৰি হোৱা বিভিন্ন কাৰ্য সুচীত ৰাইজৰ বিপুল সঁহাৰিৰ লগতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত প্ৰায় বিশ সহস্ৰাধিক দৰ্শকৰ সমাগম হয়।

Leave A Reply