Breaking

কৃত্ৰিম বানৰ বাবে নলবাৰী চহৰৰ মাজমজিয়াৰ ১২ নং ৱাৰ্ডৰ পথ বন্ধ কৰিলে ৰাইজে ৷

0 1,548

বৰ্তমান এই ভৰ বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ বিচাৰি নলবাৰীৰ একাংশ ৰাইজৰ প্ৰতিবাদ ৷ নলবাৰী পৌৰসভা হায় হায় শ্লোগানৰে প্ৰতিবাদ কৰি আজি নলবাৰীৰ একাংশ ৰাইজে বন্ধ কৰি দিলে এটি গুৰুত্বপূৰ্ণ পথ ৷ মন কৰিবলগীয়া বিষয় যে, নলবাৰী চহৰৰ মাজমজিয়াৰ গোপালবজাৰৰ ১২ নং ৱাৰ্ডৰ  পথটোৰ বাবে প্ৰতিবছৰে পথচাৰী তথা স্থানীয়লোকে বাৰিষা কালত কৃত্ৰিম বানৰ বাবে যন্ত্ৰণা ভুগি আহিছে ৷ এজাক বৰষুণতে পথটোত একাঠু পৰ্যন্ত পানীৰে জলমগ্ন হৈ পৰে যাৰ বাবে যাতায়তৰ কাৰণে অনুপযোগী হৈ পৰে উক্ত পথচোৱা ৷ একমাত্ৰ নলবাৰী জিলাৰ পৌৰসভাৰ দায়িত্ব হীন কাণ্ডৰ বাবে এনেদৰে দূৰ্ভোগ ভুগিবলগীয়া হৈ পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ তদুপৰি  বৰষুণৰ পানী নিষ্কাষনৰ কোনো বৈজ্ঞানিক পদ্ধতি তথা নলা নৰ্দমা সমূহ সময়মতে চাফ-চিকুণ নকৰাৰ ফলত এই যাতনা ভুগি থাকিবলগীয়া হোৱা বুলিও মত প্ৰকাশ কৰে ৷ আনহাতে স্থানীয় ৰাইজৰ দাবী অনুসৰি অতিশীঘ্ৰে এই সমস্যা দূৰ নকৰিলে পথছোৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে এই পথছোৱাৰে নলবাৰী প্ৰেমদা হোটেল হৈ চামতা সৰ্থেবাৰী কৈঠালকুছি লৈ যাতায়ত কৰিব পৰা এক গুৰুত্বপূৰ্ণ পথ ৷

Leave A Reply