Breaking

পূব যোৰহাটত ৰাইজৰ হাহাকাৰ,আধাৰ নহ’লে সুলভ মূল্যৰ চাউল ,কেৰাচিন নাপায়

0 2,044

খাদ্য আৰু অসামৰিক যোগান  বিভাগ যোৰহাট সংমণ্ডলৰ অধীনস্থ পূব যোৰহাট উন্নয়ন খণ্ডৰ সুলভ মূল্যৰ দোকানৰ গ্ৰাহকৰ মাজত আধাৰে হাহাকাৰ লগাইছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনা আঁচনিৰ হিতাধিকাৰীক দিয়া বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ কেৰাচিন তেল আধাৰ কাৰ্ড নথকা লোকক অহা জুনৰ পৰা চাউল ,কেৰাচিন তেল বন্ধ কৰি দিয়া হ’ব । আধাৰ কাৰ্ড থকা হিতাধিকাৰীকহে বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ  কেৰাচিন তেল পাব এই নিৰ্দেশ অহাত পূব যোৰহাট উন্নয়ন খণ্ডৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ হিতাধিকাৰীৰ মাজত হাহাকাৰ লাগিছে । উল্লেখ যে পূব যোৰহাট উন্নয়ন খণ্ডৰ ১০ খন গাঁও পঞ্চায়তত আধাৰ কেন্দ্ৰ স্থাপনত ৰাজ্য চৰকাৰ আৰু পঞ্চায়তৰ গাফিলতিৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা হৈছে ।

Leave A Reply