Breaking

ইউপিপিএলৰ প্ৰতি মোহভংগ বিটিচিৰ জনতাৰ!বিপিএফলৈ ঢাপলি ইউপিপিএল-বিজেপি নেতা-কৰ্মীৰ…

0 53

ইউপিপিএলৰ প্ৰতি মোহভংগ বিটিচিৰ জনতাৰ।বিপিএফলৈ ঢাপলি ইউপিপিএল-বিজেপি নেতা-কৰ্মীৰ।বিজনীত প্ৰায় ডেৰশ বিজেপি-ইউপিপিএলৰ নেতা কৰ্মীৰ বিপিএফত যোগদান। বিজেপিৰ নেতা বিজেন বসমুতাৰী বিপিএফত যোগদান,যোৱা বিটিআৰৰ সুভাইঝাৰ পাৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী আছিল বসমুতাৰীয়ে। ইউপিপিএলৰ প্ৰতি মোহভংগ হৈছে নেকি বিটিচিৰ জনতাৰ।লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমূহৰ মাজত যিমানেই তৎপৰতা বৃদ্ধি পাইছে বিটিচিত সিমানেই বৃদ্ধি পাইছে দল ত্যাগৰ ধুমুহা।ইয়াৰ মাজতে বিজনীৰ নোৱাপাৰাত বিপিএফৰ এক যোগদান কাৰ্যসূচীত বিজেপি আৰু ইউপিপিএল দল ত্যাগ কৰি বিপিএফত যোগদান কৰে ১৩৬ গৰাকী নেতা কৰ্মীয়ে।বিপিএফৰ উপ সভাপতি খাম্ফা বৰগয়াৰী আৰু বিটিআৰ প্ৰাক্তন পাৰিষদ তথা বিপিএফ দলৰ সহকাৰী সাধাৰণ সম্পাদক খলিলুৰ ৰহমানৰৰ উপস্থিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী যোৱা বিটিআৰৰ সুভাইঝাৰ পাৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজেন বসমুতাৰীয়ে আজি বিপিএফ দলত যোগদান কৰে। বিটিআৰ নিৰ্বাচনত ৪৮০০ ভোট লাভ কৰিছিল বসমুতাৰীয়ে। যোৱা বিটিআৰৰ পাৰিষদীয় সমষ্টিৰ বিজেপি পৰা তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি তলে তলে অন্য দলক সমৰ্থন কৰি তেওঁক হেৰাইছিল দলে, বিজেপি দল ঠোক বাজি দ’ল বুলি কয়। লগতে ইউ পি পি এল দলৰ জেষ্ঠ্য কৰ্মী ধীৰেন বসমুতাৰী দ’ল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিজনী বিধানসভা সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত সোমাই পৰা নোৱাপাৰা, ১ নং নোৱাপাৰা, ১ আৰু ২ নং শিশুবাৰী, বাঘমাৰাকে আদি কৰি পাঁচখন গাঁৱৰ ১৩৬ গৰাকী লোকে যোগদান কৰে বিপিএফত।ইউপিপিএলে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, একো উন্নয়ন কৰিব পৰা নাই, ইউপিপিএলৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে, সেয়ে ৰাইজে পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ চৰকাৰ বিচাৰিছে, যাৰ বাবে ইউপিপিএল দল ত্যাগ কৰি বিপিএফত যোগদান কৰিবলৈ ওলাই আহিছে ৰাইজ।এই মন্তব্য বিপিএফৰ উপ সভাপতি খাম্ফা বৰগয়াৰীৰ।

Leave A Reply