Breaking

বাঘবৰৰ বাঘমাৰাত বিদ্যুত বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

0 2,044

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰত আজি বিদ্যুত বিভাগৰ বিৰুদ্ধে ৰাইজৰ সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। জানিব পৰা মতে প্ৰায় এমাহ পূৰ্বে বিদ্যুত সংযোগ দিয়া গ্ৰাহকৰ ঘৰত মাত্ৰ এটা ব্লাৱ আৰু এখন ফেন চলোৱাৰ পাছত মাহেকত চৈধ্য শ ৰ পৰা দুহাজাৰ টকাকৈ বিদ্যুত বিল আহিছে আৰু আন একাংশৰ ঘৰত আকৌ তিনি চাৰি দিন আগতে বিদ্যুৎ সংযোগ দিয়েই তেওঁলোকৰ বিদ্যুত বিল এহাজাৰ টকাৰ পৰা ষোল্লশ টকা লৈকে ইছ্যু কৰাত আচৰিত হৈ পৰিছে বিদ্যুত গ্ৰাহক সকল। উল্লেখ্য যে কিছুমানৰ ঘৰত বিদ্যুত সংযোগ কৰাই নাই তৎস্বত্বেও তেৰশৰ পৰা পোন্ধৰ শ টকালৈকে বিদ্যুত বিলৰ ৰিছিভ দিয়াত আচৰিত হৈ পৰিছে বিদ্যুত গ্ৰাহক সকলে। আনহাতে বিদ্যুত সংযোগ কৰোতে ঠিকাদাৰ জনে বিদ্যুতৰ খুটাবোৰত পিন বক্স লগোৱাই নাই, তাৰৰ পৰা পোনে পোনে ঘৰত বিদ্যুত সংযোগ কৰোতে কোনো ধৰণৰ গুনা ব্যৱহাৰ নকৰাৰ অভিযোগ উল্লেখ কৰিছে একাংশ বিদ্যুৎ গ্ৰাহকে। ইয়াৰ উপৰিওঁ সঘনাই বিদ্যুত কৰ্তন কৰাৰ ফলত দৈনন্দিন জীৱনৰ লগতে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত ব্যাঘাত জন্মা বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে। বিদ্যুৎ বিভাগৰ এনে মইমতালিৰ বিৰুদ্ধে গাওঁৰ সমুহ পুৰুষ মহিলাই একত্ৰিত হৈ মঙ্গলবাৰে ৰাজপথত ওলাই আহি বিদ্যুৎ বিভাগৰ লগতে ধুপধৰা বিদ্যুত উপ সংমণ্ডলৰ বিৰুদ্ধে সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। এতিয়া প্ৰশ্ন হয় সততে ধুপধৰা বিদ্যুত উপ সংমণ্ডলৰ মইমতালিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহ সমধানৰ বাবে বিদ্যুত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে হব লক্ষণীয়।

Leave A Reply