Breaking

৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰংফুল নেচাৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

0 2,044

বকো বিধান সভা  সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত একাংশ ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে পঞ্চায়তী কাম-কাজত লুণ্ঠন চলাবলৈ আৰম্ভ কৰা আৰু সংশ্লিষ্ট বিভাগক সেই লুণ্ঠনৰ অভিযোগ একাংশই বাৰম্বাৰ দিয়া স্বত্বেও ফল নধৰাত বিবুদ্ধিত পৰিছে ৰাইজ। শেহতীয়াকৈ ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ বিৰুদ্ধে একাংশই দুৰ্নীতিৰ অভিযোগ আঙুলিয়াই আ্ৰতিবাদ সাৱ্যস্ত কৰাটোৱে তাকেই প্ৰতিপন্ন কৰিছে। আজি ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰীৰ কালভাৰ্ট নিৰ্মানৰ কামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি  ৰাইজে এক প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰাপ্ত অভিযোগ মৰ্মে-৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত কালভাৰ্ট এটাৰ বাবদ ৩ লাখ টকাৰ আবণ্টন কৰা হৈছিল ,সেইমৰ্মে কালভাৰ্টৰ কামো সম্পূৰ্ণ হৈ উঠিল যদিও অতি নিম্নমানৰ। মুঠ ৩ লাখ টকাৰ মাত্ৰ ৯০ হাজাৰ মান টকাৰে কালভাৰ্টৰ কাম কৰি বাকী ২ লাখ ১০ হেজাৰ টকা পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাই উদৰস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে |আনহাতে ছমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক সভানেত্ৰী গৰাকীৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত ৰাইজে বাৰম্বাৰ অভিযোগ দাখিলৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলিও ৰাইজে অন্য এক অভিযোগ উত্থাপন কৰে। আনকি আজি অঞ্চলটোৰ এখন ফুটব্ৰীজ নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে প্ৰথমে খণ্ড উন্নয়ন বিষয়া গৰাকী ৰাঙ্গাপানীলৈ যোৱাৰ কথা থকা স্বত্বেও সেই স্থানলৈ নগৈ মাহতলীৰ পৰা উভতি যোৱা খৱৰ পাই ৰাঙ্গাপানীৰ সচেতন ৰাইজে ক্ষোভ উজাৰিছে। ৰৰইজে আজি পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ কালভাৰ্ট নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি শীঘ্ৰে তদন্তৰ দিহাৰে নিয়মানুসাৰে কৰ্মসম্পাদনৰ দাবী জনাইছে। 

Leave A Reply