Breaking

গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ

0 1,529

গহপুৰ বাকৰিদলনী-কাৱৈমাৰী সংযোগী পথচোৱাৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ পথটোৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে কাৱৈমাৰী অঞ্চলৰ ৰাইজে । একাঁঠু বোকাত খোজকাঢ়ি পাৰ হোৱাটো এতিয়া অসম্ভৱ হৈ পৰিছে । বিশেষকৈ উক্ত পথটিৰে ইটাভাটালৈ দৈনিক ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ অধিক চলাচল হয় । যাৰ ফলত অতি শোচনীয় হৈ পৰিছে কাৱৈমাৰী অঞ্চলৰ পথটি । পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ নাযায় এম্বুলেঞ্চ, নাযায় দুচকীয়া, চাৰিচকীয়া বাহন । ইটাভাটাৰ মালিকপক্ষই পথচোৱা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া চকুমুদা কুলিৰ ভাৱত ভাটাৰ মালিক । উপায়ন্তৰ হৈ এনেদৰে নাঙল-যুঁৱলি লৈ প্ৰতিবাদ সাব্যস্ত কৰে কাৱৈমাৰী ৰাইজে ৷

Leave A Reply