Breaking

গৌৰীপুৰৰ চুপাৰীঘাটত ৱাইন শ্বপ বন্ধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

0 2,241

ৰাজ্য খনত শাসক পৰিবৰ্তন হৈছে কিন্তু শাসন ব্যৱস্থাৰ একো পৰিবৰ্তন হোৱা নাই । ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা এক কিলোমিটাৰ দূৰত্বত মদৰ দোকান খুলিব পাৰে যদিও চুপাৰীঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মাত্ৰ ১৫ মিটাৰ মান দূৰত্বত দীৰ্ঘ দিন ধৰি চলাই গৈছে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা । উল্লেখ্য যে, ওৱাইন শ্বপৰ নিচেই কাষতে অৱস্থিত বি এছ এফৰ কেন্দ্ৰীয় বিদ্যালয়, ৰঙা মাটি মহাবিদ্যালয়, প্ৰাথমিক বিদ্যালয় আৰু ঐতিহাসিক নবাবী ঈদগাহ মাঠ , শনি মন্দিৰ । উক্ত মদৰ দোকানৰ সন্মুখেদি স্কুল – কলেজীয়া ছাত্ৰী আৰু আই মাতৃৰ অহা যোৱা কৰাটো একজটিল সমস্যাই গা – কৰি উঠিছে । যাৰ বাবে চুপাৰীঘাটৰ স্থানীয় ৰাইজে ওৱাইন শ্বপ খন উক্ত স্থানৰ পৰা স্থানান্তৰ কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে ।ৰাইজে AS 01 JC 5832 নম্বৰৰ সুৰা ভৰ্ত্তি ট্ৰাক আটক কৰি নাম ফলক বিহীন সুৰাৰ দোকান খন বন্ধ কৰাৰ দাবী জনায়।

Leave A Reply