Breaking

নগৰবেৰাৰ কল্যাণপুৰত মৃতদেহ সন্মুখত লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ

0 2,049

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাত অন্তৰ্গত কল্যাণপুৰত মৃতদেহ সন্মুখত লৈ ৰাইজে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ। দোষীক ফাঁচীৰ দাবী আৰু প্ৰশাসনৰ নিস্কৃয়তাৰ বিৰুদ্ধে কল্যাণপুৰ গাওঁৰ শ শ লোকে মৃতদেহ সন্মুখত লৈ সাৱ্যস্ত কৰিলে এই প্ৰতিবাদ। স্মৰ্তৱ্য যে বুধবাৰে নিশা কল্যাণপুৰ গাওঁত নিশা এডোখৰ ভূমিক কেন্দ্ৰ কৰি সহোদৰ ভাই ককাইৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট, মাৰপিটৰ ফলত উভয় পক্ষৰে দহজনকৈ লোক আহত হৈছিল আৰু আহত সকলক নগৰবেৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মিজানুৰ ৰহমান আৰু ছানোৱাৰ হুছেইনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম ছি লৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আহত মিজানুৰ ৰহমান (৪৫) নামৰ লোকজনক জি এম ছি লৈ নিয়া অৱস্থাত আদবাটতে মৃত্যু ঘটিছিল। মৃতদেহ ঘৰলৈ ওভটাই নি এই হত্যাকাণ্ডত জড়িত সকলৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবীত মৃতদেহ সন্মুখত ৰাখি ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰে। আনহাতে প্ৰশাসনৰ লোক উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহ সৎকাৰৰ দিহা কৰা নহয় বুলিও আকোঁৰগোজ হৈ পৰে প্ৰতিবাদী ৰাইজ। ভূমি কেন্দ্ৰিক সংঘৰ্ষত এজনৰ মৃত্যু আৰু প্ৰতিবাদী কাৰ্যসূচীয়ে উত্তপ্ত হৈ পৰে নগৰবেৰাৰ কল্যাণপুৰ অঞ্চলটো।

Leave A Reply