Breaking

বাক্সাৰ দিৰিং নদীত নিজৰ জেপৰ ধন খৰচ কৰি ৰাইজে মেৰামতি কৰিলে বান্ধ

0 33

বাক্সা : ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ নেতাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰয় ৷ চৰকাৰী আঁচনিক আশা নকৰি বান্ধ নিৰ্মাণ কৰিবলৈ ওলাই আহিল ৰাইজ ৷যিসময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত বানপানীৰ কবলত ঘৰ বাৰীৰ লগতে কৃষি পথাৰ বিনষ্ট হব লগা হৈছে তেনে সময়তে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলৰ শতাধিক কৃষক সকলৰ মাজত সৃষ্টি হব লগা হৈছে হাহাকাৰ অৱস্থাৰ ৷

শুনিবলৈ আঁচহুৱা যেন লাগিলেও এইয়াই সত্য ৷ ভৰ বাৰিষা সময়তো এতিয়া চাউলকাড়া অঞ্চলৰ প্ৰায় ৪ শতাধিক কৃষক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ মূলত খেতি পথাৰত সৃষ্টি হোৱা পানীৰ অভাৱ তথা জলসিঞ্চন বিভাগৰ আঁচনিৰ অভাৱৰ বাবেই এই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কৃষক সকলৰ মাজত l

উল্লেখ্য যে, বৃটিছৰ ঔপনিবেশৰ পৰা মুক্ত হৈ ভাৰত স্বতন্ত্ৰ হ’ল যদিও, পৰিৱৰ্তন নহ’ল এই সকল কৃষকৰ অৱস্থা ৷ স্বাধীনোত্তৰ ভাৰতৰ কৃষকৰ উন্নয়নৰ বাবে বহু আঁচনিও ৰূপায়ন কৰা হ’ল যদিও সেইসমূহ আঁচনিৰ পৰা আজিও বঞ্চিত হৈ থাকিল এই সকল প্ৰকৃত কৃষক ৷ জলসিঞ্চনৰ অভাৱত এই অঞ্চলৰ ৰাইজে আজিও ভেটিব লাগে খৰস্ৰোতা দৰিং নদী ৷

নদীত শিল, গছৰ ডাল আদিৰে প্ৰাকৃতিকভাৱে পাৰ্কুপাইনৰ বান্ধ দি প্ৰায় ১০ হেজাতকৈ অধিক কৃষি পথাৰলৈ পানী বোৱাই নিব লগীয়া হয় অঞ্চলটোৰ কৃষক ৰাইজে ৷ বাৰিষাৰ সময়ত প্ৰতি মাহত ৬-৭ বাৰকৈ এনেদৰে কাম কৰিব লাগে অঞ্চলটোৰ দূৰ্ভগীয়া কৃষক সকলে৷ তথাপিও হাৰমনা নাই কৃষক ৰাইজ | চৰকাৰক অপেক্ষা নকৰি নিজৰ গাঠিৰ ধনেৰে পাগলাদীয়া নদীত বান্ধ বন্ধাত নিজে লাগিল হাতে কামে |

উল্লেখ্য যে, বহু বছৰ ধৰি ১ নং চাউলকাড়া পাগলদিয়া গ্ৰুপ দোং বান্ধ সমিতিয়ে এনেদৰে বান্ধ নিৰ্মাণৰ কাম কৰি খেতি কৰি আহিছে বছৰটোৰ প্ৰত্যেক মহতে ৷ থিক তেনেদৰে আজিও নদীত বান্ধ বন্ধাৰ বাবে ৰাইজ ওলাই আহিল সদল বলে | কৃষক সকলৰ অভিযোগ দেশে স্বাধীনতা লাভ কৰাৰ পিচত বহু চৰকাৰ আহিল আৰু গল কিন্তু কোনো এখন চৰকাৰেই তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

প্ৰতিবছৰেই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী সকল উক্ত স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰে যদিও নিৰ্বাচন শেষ হোৱাৰ পাছতেই তেঁওলোকৰ সমস্যালৈ পিঠি দিয়ে ৷ ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে চাউলকাড়াবাসী কৃষক ৰাইজে ৷

প্ৰেৰক : মুছলপুৰৰ পৰা চম্পক মেধি

Leave A Reply