Breaking

১০৮ স্থানত একেলগে সূৰ্য্য নমস্কাৰ কৰি মানুহে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে গুজৰাটেঃ প্ৰধানমন্ত্ৰী মোদী…

0 23

নতুন বছৰৰ প্ৰথম দিনটোত গুজৰাটৰ ৰাইজে এক আচৰিত সাফল্য অৰ্জন কৰিছে। ৰাজ্যৰ ১০৮ স্থানত মানুহে কৰিলে সূৰ্য্য নমস্কাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত লিখিছে, ‘গুজৰাটে ২০২৪ চনক এক উল্লেখযোগ্য কৃতিত্বৰে আদৰণি জনাইছে। আমি সকলোৱে জনা মতে আমাৰ সংস্কৃতিত ১০৮ নম্বৰৰ বিশেষ তাৎপৰ্য আছে। আপোনালোক সকলোকে সূৰ্য্য নমাস্কাৰক দৈনন্দিন কাম-কাজৰ অংশ হিচাপে গঢ়ি তুলিবলৈও মই আহ্বান জনাইছো। ইয়াৰ বহু উপকাৰ আছে। ‘সূৰ্য্য নমস্কাৰ’ সূৰ্য্যক প্ৰণাম হিচাপে আগবঢ়োৱা হয় কাৰণ ই সকলো জীৱক পুষ্টি প্ৰদান কৰে। শক্তিৰ প্ৰাথমিক উৎস হিচাপে সূৰ্য্য কেৱল খাদ্য শৃংখলৰ ধাৰাবাহিকতাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ই মানুহৰ মন আৰু শৰীৰকো শক্তি প্ৰদান কৰে বুলি মন্তব্য কৰে প্ৰধামন্ত্ৰীগৰাকীয়ে।

Leave A Reply