Breaking

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকিত ৰাইজঃ গোগামুখত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদঃ বিজেপিক প্ৰৰতাৰক আখ্যা

0 1,869

এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ যিমানেই সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ইমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত আতংক আৰু অনিশ্চয়তা অধিক বৃদ্ধি পাবলৈ আৰম্ভ হৈছে ৷ প্ৰকল্পটোৰ নিৰ্মাণ ইতিমধ্যে ৮০ শতাংশ সম্পূৰ্ণ হ’ল যদিও প্ৰকল্পটো সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই নিৰ্মাতা সংস্হা এন এইচ পি চিয়ে ৷ শেহতীয়াভাৱে উত্তৰ অসমত হৈ থকা মুষলধাৰ বৰষুণ আৰু সোৱণশিৰি নদীৰ ওফন্দি উঠা উত্তাল জলপৃষ্ঠই প্ৰকল্পটো বিস্তৰ ক্ষতি কৰিছে ৷ বৰ্তমানো প্ৰকল্পটোৰ তল-ওপৰ একাকাৰ কৰি উত্তাল গতিত পানী বৈ আছে আৰু উক্ত পানীয়ে প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজক আতংকিত কৰি তুলিছে ৷ ইপিনে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এন এইচ পি চিৰ গেৰুকামুখস্হিত কাৰ্যালয়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধৰ দাবী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ নিপাত যাৱক, এন এইচ পি চি মুৰ্দাবাদ, বিজেপিৰ মিথ্যাচাৰ নচলিব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাম নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰক আদি ধ্বনিৰে গেৰুকামুখৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰীতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাই নিছে ৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধ বিৰোধী দল-সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত হোৱা বৈঠক আৰু বৈঠকৰ সিদ্ধান্ত ভৰিৰে মোহাৰি এন এইচ পি চিয়ে বান্ধৰ নিৰ্মাণ দ্ৰুত গতিত আগুৱাই নিছে ৷ তেওঁ কয়- বৈঠকৰ সিদ্ধান্তমৰ্মে গঠন কৰা বিশেষজ্ঞ কমিটিৰ অসমৰ সদস্য সকলে ইতিমধ্যে স্পষ্ট কৰিছে যে গেৰুকামুখৰ দৰে ঠুনুকা তথা বালিয়া পাহাৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কোনোপধ্যেই যুগুত নহয় ৷ তদুপৰি বিশেষজ্ঞ সকলে এইটো মত দিছে যে এন এইচ পি চিৰ বান্ধ নিৰ্মাণ ত্ৰুটিযুক্ত আৰু বান্ধটোৰ নামনি অংশৰ ৰাইজৰ নিৰাপত্তাৰ কথাটো কোনোধৰণৰ গুৰুত্ব নিদি কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বুলি গুৰুতৰ অভিযোগ আনিছে বিশেষজ্ঞ সমিতিয়ে ৷ বিশেষজ্ঞ সমিতিৰ এনে ভয়ংকৰ অভিযোগৰ পিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন এইচ পি চিক প্ৰকল্প নিৰ্মাণ কৰিবলৈ দি থকাটো সম্পূৰ্ণ জনস্বাৰ্থ পৰিপন্থী ই গণতান্ত্ৰিক দেশৰ চৰকাৰৰ চৰিত্ৰ নহয় বুলি যুৱ -ছাত্ৰ পৰিষদৰ নেতা চাংমাইয়ে ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ লগতে কয়- বিজেপি দলে ক্ষমতাত নাথাকিলে কিবা এটা কয় আৰু ক্ষমতা লাভ কৰিলে আন কিবা এটা কয় ৷ ২০১২-১৩ চনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে গেৰুকামুখলৈ আহি জনসভাত অংশ লৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰস্তাৱিত সকলোবোৰ নদীবান্ধ বন্ধ কৰাৰ হুংকাৰ দিছিল ৷ ৰাজনাথ সিঙৰ লগতে অসমৰ আন বিজেপি নেতা সকলেও বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতিছিল ৷ কিন্তু কেন্দ্ৰত আৰু অসমত বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছত সম্পূৰ্ণৰূপে উভতগোৰে নাচিছে বিজেপিৰ মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতাবোৰ ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ৰাইজক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে আৰু অসমৰ ৰাইজক নিঃশেষ কৰি কেৱল বহুজাতিক কোম্পানীৰ স্বাৰ্থত হাজাৰ হাজাৰ কোটি টকাৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী, হতকাৰী নীতিক যুৱ-ছাত্ৰ পৰিষদে যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবলৈ সাজু আছে আৰু ইয়াৰ বিষম পৰিনতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰেই জগৰীয়া হ’ব বুলি তেওঁ সকীয়নি দিয়ে ৷ তেওঁ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ তপন গগৈ বিধায়ক ভূৱন পেগুক বিশ্বাসঘাটক জাতীয় নেতা আখ্যা দিয়ে আৰু এই সকল ভূৱা, বিশ্বাসঘাটক নেতাক পুনৰবাৰ ৰাইজৰ ওচৰত প্ৰশ্ৰয় নিদিবলৈ ৰাইজক আহ্বান জনায় ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাতুল বৰগোঁহায়ে ক্ষোভেৰে কয়- এন এইচ পি চিয়ে দেশত ক’ভিড-১৯ ৰ বাবে চলি থকা লকডাউনৰ সময়ত লুকাই লুকাই নদীবান্ধৰ কাম বহুদূৰ আগুৱাই নিলে ৷ নদীবান্ধৰ সকলোবোৰ নিৰ্মাণ সামগ্ৰী বিনা দ্বিধাই সৰবৰাহ কৰিলে ৷ ই আমাৰ বাবে অতি পৰিতাপৰ বিষয় ৷ তথাপি আমি এন এইচ পি চিক কোনো পধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিদিওঁ ৷ এন এইচ পি চি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ দল-সংগঠন আৰু অসমবাসীক কৰা চূড়ান্ত প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব বুলি ছাত্ৰ নেতা বৰগোঁহায়ে চৰকাৰক হুংকাৰ দিয়ে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে যুৱ-ছাত্ৰ পৰিষদে অচিৰেই বৃহৎ গণ আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ চৰকাৰক হুংকাৰ দিয়ে ৷ উল্লেখনীয় যে, যুৱ-ছাত্ৰ পৰিষদৰ ৫০০ জনীয়া সঁজাতী দলে আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শেহতীয়া নিৰ্মাণ প্ৰত্যক্ষ কৰিবলৈ গেৰুকামুখত উপস্থিত হৈছিল ৷ কিন্তু ধেমাজি জিলা প্ৰশাসন আৰু চি আই এছ এফে এন এইচ পি চিৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰতে যুৱ-ছাত্ৰ পৰিষদৰ সঁজাতি দলটোক বাধা দিয়ে ৷ ইয়াক লৈ দুয়োপক্ষৰ মাজত উত্তপ্ত বাক-বিতাণ্ডাৰ সৃষ্টি হৈ আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ পিছত ধেমাজি জিলা প্ৰশাসন আৰু এন এইচ পি চিৰ মাজত হোৱা আলোচনাৰ অন্তত যুৱ-ছাত্ৰ পৰিষদৰ দহগৰাকী প্ৰতিনিধিক প্ৰকল্পৰ মূল বান্ধ প্ৰত্যক্ষ কৰাৰ অনুমতি দিয়ে যদিও যুৱ-ছাত্ৰ পৰিষদে উক্ত প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু প্ৰতিবাদস্হলীতে এন এইচ পি চি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিটিৰ সহকাৰী সম্পাদক সৌৰভ দাস, কাৰ্যকৰী সদস্য প্ৰদীপ শৰ্মা, ধেমাজি জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা আৰু সম্পাদক বিষ্ণু শৰ্মা উপস্থিত থাকে ৷

Leave A Reply