Breaking

মই বিশ্বাসঘাতক নে দেশপ্ৰেমিক সেয়া জনতাই বিচাৰ কৰিবঃ বিজেপি সাংসদ প্ৰতাপ সিমহা…

0 24

সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ সাংসদ প্ৰতাপ সিমহাই। দেওবাৰে কয় যে তেওঁ বিশ্বাসঘাতক নে দেশপ্ৰেমিক সেয়া জনসাধাৰণৰ ওপৰত এৰি দিছে। সিমহাই কয় “দেৱী চামুণ্ডেশ্বৰী, দেৱী কাবেৰী আৰু মোৰ অনুৰাগীসকলে জানে যে মই দেশপ্ৰেমিক নে দেশবিৰোধী। আগন্তুক মাইচুৰু-কোডাগু লোকসভা নিৰ্বাচনত ৰাইজে এই সন্দৰ্ভত তেওঁলোকৰ ৰায় শুনাব,”। উল্লেখ্য ১৩ ডিচেম্বৰত লোকসভাৰ নিৰাপত্তা ভংগ কৰাৰ অভিযোগত অভিযুক্ত দুজনৰ হাতত সিমহাই দিয়া ভিজিটৰ পাছ পোৱা গৈছিল। ফলত মাইচুৰুৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদজন বিতৰ্কৰ মাজত সোমাই পৰিছিল।

সংসদৰ ভিতৰত গেছ স্প্ৰে কৰি তাণ্ডৱ চলোৱা আক্ৰমণকাৰীসকল বিজেপি সাংসদৰ অতিথি আছিল বাবেই বহুতে সিমহাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। লোক দুজন মাইচুৰুৰ বিজেপি সাংসদ প্ৰতাপ সিমহাৰ অতিথি হিচাবে সংসদলৈ গৈছিল। তেওঁলোকৰ মুখত ‘জয় ভীম’ শ্লোগান শুনা গৈছিল। শীতকালীন অধিৱেশনৰ সময়তে লোকসভাত আতংক বিয়পি পৰিছিল। হঠাতে দুজন অচিনাক্ত ব্যক্তিয়ে সংসদত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰিছিল। তেওঁলোকে গেছ বিয়পাই দিয়াৰ লগতে সংসদ ভৱনকৰ ডেস্কত উঠি তাণ্ডৱ চলাইছিল। আক্ৰমণকাৰীসকলে বিজেপি সাংসদ প্ৰতাপ সিমহাৰ পাছ কেনেকৈ পালে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

লোক দুজনে লগত স্মোক গ্ৰেনেড লৈ আছিল। তেওঁলোকে সেয়া কেনেকৈ পাইছিল, ইয়াৰ আঁৰত কোনো সন্ত্ৰাসবাদী গোট জড়িত আছে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। সংসদ আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকী পালনৰ সময়তে এই ঘটনা ঘটিছিল।

Leave A Reply