Breaking

মৰিগাঁৱৰ লাহৰিঘাট শিক্ষা খণ্ডৰ জৰিবৰ আৰু বেচামাৰী গাঁৱৰ ৰাইজৰ সহযোগত ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠানৰ আয়োজন

0 81

মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ জৰিবৰ সমল কেন্দ্ৰৰ ১ নং জৰিবৰ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত , জৰিবৰ আৰু বেচামাৰী গাঁৱৰ ৰাইজৰ সহযোগত ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠানৰ আয়োজন কৰা হয় । শিক্ষানুস্থান সমূহ সকলো ধৰ্মৰে উৰ্দ্ধত থকা এক পৱিত্ৰ অনুস্থান । ৰাইজৰ এই উমৈহতীয়া অনুষ্ঠানটি সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে ।ৰাইজৰ সহযোগত এটা অনুষ্ঠান বহুত পৰিবৰ্তন আনিব পাৰি । বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়াস স্বৰূপে মোৰ কৰ্মৰত শিক্ষানুষ্ঠান খনত ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠানৰ আয়োজন কৰা হয় । (১)অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰেশ্বৰ বৰদলৈয়ে আৰু উৎসৱটো যাতে সফল হয় তাৰ বাবে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি তুচিল চন্দ্ৰ বৰদলৈয়ে । (২) ১৯৫১ চনত স্থাপন হোৱা বিদ্যালয় খন স্থাপনত অৰিহণা যোগোৱা স্বৰ্গগামী ব্যক্তি সকললৈ স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰাক্তন সভাপতি অমৃত বৰদলৈয়ে ।(৩) বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে বিদ্যালয়ৰ প্ৰাক্তন আদৰ্শ বঁটা প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনুপ্ৰভা বৰদলৈয়ে । সাংস্কৃতিক শোভাযাত্ৰাকালত ছাত্ৰ-ছাত্ৰী,শিক্ষক, গাঁৱৰ বোৱাৰী,বৃদ্ধ ,যুৱ সংঘৰ কৰ্মকৰ্তা সকলোৱে অংশগ্ৰহণ কৰে ।

(৪) বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ , খেতিৰ সজুলি, বাহ বেতৰ সঁজুলি, তাত হালৰ সঁজুলি ,মাছ ধৰা সঁজুলি আদিৰ প্ৰদৰ্শনীৰ অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে জৰিবৰ সমল কেন্দ্ৰৰ সমন্বয়ক শ্ৰীযুত ৰবিন্দ্ৰ চহৰীয়াই ।(৫) ইয়াৰ পাছতে স্থানীয় সমাজকৰ্মী শ্ৰীযুত বিহুৰাম বৰদলৈ দেৱৰ সভাপতিত্বত মুকলি সভা আৰম্ভ হয় । সভাত স্থানীয় সমাজ সেৱক ব্যক্তি , অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী , গাঁৱৰ জেষ্ঠ ব্যক্তি, পঞ্চায়ত প্ৰতিনিধি আৰু সমল কেন্দ্ৰৰ বহু শিক্ষক শিক্ষয়িত্ৰীক চিনাকি কৰি দিয়াৰ লগতে ফুলাম গামোচাৰে আদৰণী জনোৱা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক ক্ষীৰোদ সোণোৱালে । (৬) ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয় । (৭) কৰ্ম জীৱনৰ আৰম্ভনিতে এজন আদৰ্শ শিক্ষকৰ সান্নিধ্য লাভ কৰিছিলোঁ । তেখেতে বহু শিক্ষানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল । তেখেতৰ সান্নিধ্যত এনেহেন এখন ভিতৰুৱা গাঁৱত বহু মানৱ সম্পদ গঢ় লৈছিল। এই ৰাইজৰ উৎসৱতে তেখেতক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয় এখন সম্বৰ্ধনা পত্ৰ, ফুলাম জাপি,চেলেং চাদৰ আৰু ফুলাম গামোচাৰে । তেখেতক কৃতজ্ঞতা জনাই মোৰ সপোনে বাস্তৱ ৰূপ পালে ।(৮) ৰাইজৰ উৎসৱ উদযাপনৰ ওপৰত বক্তব্য আগবঢ়ায় বিশিষ্ট অতিথি সকলে । (৯) ইয়াৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে দিহানাম, জিকিৰ, বিহু নৃত্য, তিৱা জনগোষ্ঠীৰ নৃত্য ,দেশ প্ৰেমৰ গীত , বাবে ৰহনীয়া নৃত্য আদি পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে ।


Leave A Reply