Breaking

নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত পিয়লি ফুকন মণ্ডল সমল কেন্দ্ৰৰ ৰাইজৰ উৎসৱ পালন

0 83

নাজিৰাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত পিয়লি ফুকন মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত বিহুবৰ নতুন লাইন প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাইজৰ উৎসৱ ২০২২ “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক এক কাৰ্য্যসূচী। শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বিশেষকৈ পিছপৰা অঞ্চলৰ বিদ্যালয়সমূহত আয়োজন কৰা হৈছে ৰাইজৰ উৎসৱ ২০২২।

বিদ্যালয় সমূহত স্থানীয় ৰাইজ তথা অভিভাৱকৰ অংশ গ্ৰহণ সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে এই ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠান।বিহুবৰ নতুন লাইন প্ৰাথমিক বিদ্যালয়ত অনুস্থিত এই ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠানত নাজিৰাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত পিয়লি ফুকন মণ্ডল সমল কেন্দ্ৰৰ ১২খন প্ৰাথমিক বিদ্যালয়ে অংশগ্ৰহণ কৰে।ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠানত অংশ গ্ৰহণ কৰা ১২খন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুস্থিত হয় বিভিন্ন সাংস্কৃতিক,সাহিত্য আৰু ক্ৰীড়া প্ৰতিযোগিতা।ইয়াৰ উপৰিও এই অনুষ্ঠানত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাও অনুস্থিত হয় ছাত্ৰ-ছাত্ৰী সকলৰ মাজত।এই অনুষ্ঠানত ১২খনকৈ বিদ্যালয়ৰ মাতৃগোট,অভিভাৱক সকল উপস্থিত থাকি অনুষ্ঠাভাগি সাফল্যমণ্ডিত কৰি তোলা পৰিলক্ষিত হয়।ৰাইজৰ উৎসৱ ২০২২ৰ মূল উদ্দেশ্যই হ’ল ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকৰ সৈতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী লগত সুম্পৰ্ক গঢ়ি তোলাৰ সমান্তৰালকৈ অভিভাৱকক বিদ্যালয়ৰ সৈতে জড়িত কৰি তোলা।

Leave A Reply