Breaking

২১টা বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা ল’ব গণশক্তিয়ে : মিত্ৰজোঁটক সৰ্বশক্তিৰে সহযোগৰ প্ৰতিশ্ৰুতি পৰমানন্দ ছায়েঙ্গীয়াৰ

0 2,036

ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে ধেমাজি বিধানসভা সমষ্টিতো ৰাজনৈতিক বাতাবৰণ উত্তাল হৈ পৰিছে ৷ সমষ্টিটোত ৰাজনৈতিক দলবোৰে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা নাই যদিও সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ কৰ্মী-সদস্যসকলৰ মাজত নিৰ্বাচন কেন্দ্ৰিক উছাহ বৃদ্ধি পাইছে আৰু সকলো ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰতি ভোটাৰ ৰাইজৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ আজি সন্মিলিত গণশক্তি অসম, দলৰ তৰফৰ পৰা সমাগত বিধানসভা নিৰ্বাচনক লৈ এখনি সংবাদ মেল আয়োজন কৰা হয় ৷ গোগামুখ আবতানি লত্তাত আয়োজন কৰা উক্ত সংবাদ মেলত গণশক্তিৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই কয়- সন্মিলিত গণশক্তি অসমে এইবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লগত থাকিব আৰু একেলগে নিৰ্বাচনত অবতীৰ্ণ হ’ব ৷ ধেমাজি,. জোনাই, মাজুলী, শদিয়া, শিৱসাগৰ, লখিমপুৰ, গহপুৰ, নাওবৈচা, ডিব্ৰুগড়, গোলাঘাট, বোকাখাট, ডেৰগাঁও, বিহপুৰীয়া, টীয়ক, চাবুৱা, ঢকুৱাখনা, যোৰহাট, থাওৰা আদিকে ধৰি মুঠ ২১ খন বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু আটাইকেইটা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন কৰিব ৷ সমষ্টটিবোৰ মিত্ৰজোঁটক জিকাবৰ বাবে গণশক্তিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিব বুলি তেওঁ দোহাৰে ৷ তেওঁ কয়- বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ সামগ্ৰীক উন্নয়নৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা চলাইছে ৷ জাতি-জনগোষ্ঠীৰ মাজত একতাৰে কাম কৰি শান্তিপূৰ্ণ পৰিৱেশ নিৰ্মাণ কৰিছে ৷ সমবিকাশ আৰু সম অধিকাৰৰ জৰিয়তে অসমৰ জনতাৰ মন জয় কৰিছে ৷ এনেক্ষেত্ৰত বহুল চিন্তা আৰু অসমৰ সাৰ্বিক উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটক সমৰ্থন কৰাটো সময়ৰ আহ্বান বুলি তেওঁ সংবাদমেলত মন্তব্য আগবঢ়ায় ৷ গণশক্তিয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়- আমাৰ কিমান শক্তি আমি ভালদৰে বুজি পাঁও ৷ গণশক্তিয়ে কৌশলগত কাৰণত সমাগত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদন্দিতা নকৰিলেও এম এ চিৰ পৰিষদীয় নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷ অৱশ্যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে যদি আমাৰ আশা-আকাংক্ষা বা দাবীবোৰ পূৰণ নকৰে তেন্তে গণশক্তিয়ে বিকল্প চিন্তাৰে আগবাঢ়িবলৈ প্ৰস্তুত থকা বুলি তেওঁ সংবাদ মেলত সাংবাদিকক অৱগত কৰে ৷ ১০ মাৰ্চৰ পৰা গণশক্তিৰ সকলো ভাতৃ সংগঠনৰ লগত বৈঠক অনুষ্ঠিত কৰি সমাগত নিৰ্বাচনৰ ৰণকৌশল তৈয়াৰ কৰিব আৰু ঘৰে ঘৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষত প্ৰচাৰ কৰিব বুলি তেওঁ দোহাৰে  । আজিৰ সংবাদ মেলত উপস্থিত থাকে গণশক্তিৰ কেন্দ্ৰীয় উপসভাপতি সুনীল পেগু, সাধাৰণ সম্পাদক হিৰণ্য দত্ত, সম্পাদক পুৰুষোত্তম দলে আৰু গণশক্তিৰ নেতা ৰাজু পেগু ৷

Leave A Reply