Breaking

প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি ৩৫ টকা, কেৰাচিনত ১৮ টকা! ২৯ জানুৱাৰীৰ পৰা মূল্যবৃদ্ধি পেট্ৰ’লৰ, ডিজেল আৰু কেৰাচিনৰ, কিন্তু…

0 72

পেট্ৰ’ল প্ৰতি লিটাৰ ৩৫ টকা, কেৰাচিনত প্ৰতি লিটাৰ ১৮ টকাকৈ বাঢ়িব মাজৰাতিৰ পৰা! প্ৰতি লিটাৰ পেট্ৰ’লত ৩৫ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

একেদৰে প্ৰতি লিটাৰ ডিজেলতো ৩৫ টকাকৈ অধিক ভৰিব লাগিব গ্ৰাহকে। ২৯ জানুৱাৰীৰ পৰা হ’ব লগা এই মূল্যবৃদ্ধি কেৰাচিনৰ ক্ষেত্ৰতো একেই প্ৰযোজ্য হ’ব।

পাকিস্তান চৰকাৰে প্ৰতি লিটাৰ কেৰাচিনত ১৮ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ বিত্ত মন্ত্ৰীয়ে এই সন্দৰ্ভত টুইট কৰি পেট্ৰ’ল, ডিজেল আৰু কেৰাচিনৰ নতুন মূল্য নিৰ্ধাৰণ কৰিছে।পাকিস্তানত পেট্ৰ’লৰ নতুন মূল্য হ’ব ২৪৯.৮০টকা। ইয়াৰ উপৰিও হাইস্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২৬২.৮০ টকা।

লাইট ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১৮৭। কেৰাচিনৰ মূল্য ১৮৯.৮০ টকা হ’ব। উল্লেখযোগ্য যে, যদি এই ধাৰা অব্যাহত থাকে তেন্তে অহা ফেব্ৰুৱাৰীৰ ভিতৰততো আকৌ পেট্ৰ’ল, ডিজেলৰ মূল্য ৪৫ ৰ পৰা ৮০ টকা বৃদ্ধি কৰাৰ অধিক সম্ভাৱণা আছে।

Leave A Reply