Breaking

ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্য শতকৰ দিশে অগ্ৰসৰ,দুলীয়াজানত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

0 2,017

ৰাজ্যত প্ৰতি দিনে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত দৈনিক ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সুৰা-সুৰে বাঢ়িবলৈ ধৰিছে । সাধাৰণ
জনতাক একপ্ৰকাৰে ৰাম টাঙোন 
সুধাইছে চৰকাৰে । ইয়াৰে পৰিপেক্ষিতত আজি দুপৰীয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে টেঙাখাত ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু দুলীয়াজান যুৱ কংগ্ৰেছৰ লগতে এন এছ উ আই সহযোগত পেট্ৰ’ল-ডিজেল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা পেট্ৰল ডিপুৰ সন্মূখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পেট্ৰ’ল-ডিজেল আৰু  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধ কৰক, বিজেপি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি
বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহৰ মূল্য ৰাজ্য চৰকাৰে অতী শীঘ্ৰে হ্ৰাস নকৰিলে পৰবৰ্ত্তী সময়ত জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে
প্ৰতিবাদকাৰীয়ে । আজিৰ কাৰ্যসূচীত নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ, টেঙাখাত ব্লক কংগ্ৰেছৰ সভাপতি সুশান্ত শইকীয়া, দুলীয়াজান সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মনোজ ভৰালীৰ উপৰিও দলীয় কৰ্মী সকলে সহযোগ আগবঢ়াই ।

Leave A Reply