Breaking

গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল PFI নেতা আমিনুল হক,PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান

0 41

বৃহস্পতিবাৰে গুৱাহাটীৰ হাতীগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে PFI নেতা আমিনুল হকক। জানিব পৰা মতে, হাতীগাঁৱৰ PFIৰ কাৰ্যালয়ত NIA, ED আৰু আৰক্ষীৰ যৌথ অভিযানত PFI নেতাজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰোপৰি, কামৰূপৰ নগৰবেৰাৰ পৰাও গ্ৰেপ্তাৰ হয় আন চাৰিজন PFI নেতা।

উল্লেখযোগ্য যে, সম্প্ৰতি দেশত PFIৰ বিৰুদ্ধে মহা অভিযান অব্যাহত আছে। অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্য দিল্লী, মহাৰাষ্ট, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কেৰালা, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ আদিত নিয়া, ইডি আৰু আৰক্ষীয়ে PFIৰ কাৰ্যালয় আৰু নেতাৰ ঘৰত অভিযান অব্যাহত ৰাখিছে। ইয়াৰোপৰি বিহাৰ, কৰ্ণাটক, তেলেংগানাত প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা লোকৰ বিৰুদ্ধেও জোৰদাৰ অভিযান চলিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈকে এই অভিযানৰ শেষত সমগ্ৰ দেশতেই ১০০ৰো অধিক PFIৰ নেতা–সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰে কেৰালাত ২২জন, মহাৰাষ্ট্ৰত ২০ জন, কৰণাটকত ২০ জন, তামিলনাডুত ১১ জন, অসমত ৯ জন, উত্তৰ প্ৰদেশত ৮ জন, অন্ধ্ৰপ্ৰদেশত ৫ জন, মধ্যপ্ৰদেশত ৪ জন, দিল্লীত ৪ জন, ৰাজস্থানত ২ জন আৰু পুডুচেৰীত ২ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

সন্ত্ৰাসবাদী সংগঠনক ধন যোগান আৰু সমৰ্থন তথা নিষিদ্ধ সংগঠনত যোগদানৰ উচতনি দিয়া বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলাইছে। মন কৰিবলগীয়া যে, মঙলবাৰে ৪ জন PFI সদস্যক UAPAৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। এই দিনটোত আৰক্ষীয়ে মুঠ ৪০টা স্থানত অভিযান চলাইছিল।

PFI হৈছে চৰমপন্থী ইছলামিক সংগঠন যি ২০০৬ চনত গঠন হৈছিল। এই সংগঠনটোৱে CAA বিৰোধী আন্দোলনতো ফাণ্ডিং কৰাৰ লগতে NRCক লৈ নিষিদ্ধ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ কৰিছে আৰক্ষীয়ে। ইয়াৰোপৰিও, ইউনিফৰ্ম চিভিল কডক লৈ দেশ বিৰোধী কাৰ্যত জড়িত থকাৰো অভিযোগ PFIৰ নেতাৰ ওপৰত।

ভাৰতৰ বাহিৰৰ বহু দেশ যেনে UAE, কাটাৰ, কুৱেইট, বাহৰেণ, চৌদী আৰৱত PFIৰ শাখা আছে। পুঁজি সংগ্ৰহৰ বাবে বিদেশত থকা এই শাখাসমূহৰ জৰিয়তে PFIয়ে বিদেশী পুঁজি ভাৰতলৈ আনে। চীনৰ সৈতেও PFIৰ অশুভ সম্পৰ্ক থকাৰ অভিযোগ আছে।

EDৰ অনুসন্ধানত ৬০০ দাতা, ২৬০০ হিতাধিকাৰীৰ বেংক একাউণ্টৰ তদন্ত ইতিমধ্যে কৰা হৈছে। জানিব পৰা মতে, PFIৰ দ্বাৰা বিদেশত প্ৰশিক্ষণ শিৱিৰৰো আয়োজন কৰা হয়। PFIয়ে হিট স্কোৱাদ নামৰ এটা সন্ত্ৰাসবাদী গোটো গঠন কৰিছিল যিয়ে BJP, RSS নেতাকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ১৫০ৰো অধিক কৌশলেৰে প্ৰতিবাদ সাব্যস্ত কৰে PFIয়ে। শেহতীয়াকৈ কৰ্ণাটকত হিংসাৰ প্ৰতিবাদো PFIৰ এক কৌশল
গৃহ।

উল্লেখযোগ্য যে, গৃহ মন্ত্ৰালয়ৰ সেউজ সংকেতৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে দেশজুৰি মহা অভিযান আৰম্ভ হৈছিল।

Leave A Reply