Breaking

সোণতলীত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী যুৱতী ৰেহনা চুলতানা ।

0 1,664

সোণতলী নামনি অসমৰ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী চৰ অঞ্চলৰ জীয়ৰী ৰেহনা চুলতানাই অসমৰ চৰ-চাপৰিৰ জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি লাভ কৰিলে ডক্টৰেট ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা আৰু সাহিত্য উভয় বিষয়তে দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লোৱা ৰেহনা চুলতানাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° প্ৰণীতা দেৱীৰ তত্ত্বাৱধানত অবিভক্ত কামৰূপ জিলাৰ চৰ-চাপৰিবাসী মুছলমান সম্প্ৰদায়ৰ লোকভাষা‘ শীৰ্ষক বিষয়ত গৱেষণা কৰি এই সন্মান তথা বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী লাভ কৰিছে ৷ উল্লেখযোগ্য যে ড° ৰেহনা চুলতানা হল বৃহত্তৰ সোণতলী অঞ্চলৰ পৰা পিএইচ. ডি ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী যুৱতী ৷ তেওঁ সোণতলী অঞ্চলৰ শেলেসুঁতি গাঁৱৰ শিক্ষক নুৰজামান হক আৰু চুফিয়া বেগমৰ সুযোগ্যা কন্যা তথা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। গৱেষণা কৰ্মৰ লগতে তেওঁ দীৰ্ঘদিনৰ পৰাই বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত হৈ আছে। ভাষাৰ ছাত্ৰী হিচাপে ভৱিষ্যতে তেওঁ অসমীয়া ভাষা আৰু চৰ-চাপৰিৰ ভাষাটোৰ ওপৰত কাম কৰি যাব বুলি মত প্ৰকাশ কৰিছে। সোণতলী চৰ অঞ্চলৰ পৰা ৰেহনা চুলতানাই ডক্টৰেট ডিগ্ৰী লাভ কৰাত সমগ্ৰ অঞ্চলবাসীয়ে আনন্দিত হোৱাৰ লগতে তেওঁ পাঠ গ্ৰহণ কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক সমাজেও যথেষ্ট আনন্দিত হৈছে ৷ উল্লেখযোগ্য যেঅতিকৈ পিছপৰা প্ৰায় এশ শতাংশই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা ৰেহেনা চুলতানাৰ এই সাফাল্যত চৰাঞ্চলৰ অন্যান্য যুৱক-যুৱতীৰ বাবে প্ৰেৰণা হব বুলি ভিন্নজনে মত প্ৰকাশ কৰিছে।

Leave A Reply