Breaking

বৰপেটাত ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত জাবেদ ইছলামক প্ৰাৰ্থীত্ব অগপৰ…

0 24

আগন্তুক লোক সভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সেই অনুসৰি ৩ নং বৰপেটা সমষ্টিৰ বাবে অগপৰ জেষ্ঠ্য নেতা ফণীভূষণ চৌধুৰী আৰু ২ নং ধুবুৰী সমষ্টিৰ বাবে জাবেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷ সোমবাৰে অগপৰ সভাপতি অতুল বৰাৰ নিৰ্দেশত আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। উল্লেখ্য, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ড০ কমলাকান্ত কলিতাৰ নেতৃত্বত বৰপেটা লোকসভা সমষ্টিৰ বাবে গঠন কৰি দিয়া পৰ্যবেক্ষন কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। আনহাতে, অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা আৰু উপ সভাপতি অপূর্ব ভট্টাচার্যীৰ নেতৃত্বত ধুবুৰী লোকসভা সমষ্টিৰ বাবে গঠন কৰি দিয়া পৰ্যবেক্ষণ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত জাবেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়।

ফণীভূষণ চৌধুৰী আৰু জাবেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগে লগে দলীয় কৰ্মীসকল উৎসাহিত হৈ পৰিছে আৰু দুয়োগৰাকী প্ৰাৰ্থীকে জয়ী কৰোৱাৰ বাবে সৰ্বচ্চ উজাৰি দিয়াৰ পণ বান্ধিছে।

Leave A Reply