Breaking

উৰিষ্যাৰ পুৰীত উত্তৰ গুৱাহাটীৰ তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু; মূখ্যমন্ত্ৰীৰ তৎপৰতাত বিমানেৰে মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা

0 247

উৰিষ্যাৰ পুৰীলৈ বন্ধু বান্ধবীৰ লগত তীৰ্থভ্ৰমণৰ বাবে যোৱা উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ এগৰাকী অবিবাহিত মহিলাই কৰুণ ভাৱে মৃত্যুক আকোঁৱালি ল’ব লগা হয়।

মহিলা গৰাকীৰ নাম অৰ্পনা দাস আৰু স্থানীয় ভাৱে ঘুনুঢা বাইদেউ বুলি জনাজাত আছিল। যোৱা ১৬ মাৰ্চত তীৰ্থস্থান ভ্ৰমণৰ উদ্দেশ্যে উৰিষ্যাৰ পুৰীলৈ ৰাওনা হৈছিল; কিন্তু গৈ থকা অৱস্থাতে অসুস্থতাৰ অনুভৱ কৰাত উৰিষ্যাৰ এক হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়।

তীব্ৰ জ্বৰত আক্ৰান্ত হৈ চাৰিদিন ধৰি চিকিৎসলয়ত চিকিৎসা কৰি থকা অৱস্থাত যোৱা ইং ২৩ মাৰ্চ তাৰিখে নিশা ১ বজাত মহিলা গৰাকীয়ে কৰুণভাৱে মৃত্যুক সাৱটি লয়। মহিলা গৰাকী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হৈছে। অতি দৰিদ্ৰ তথা আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ হোৱা বাবে মৃতদেহ সুদুৰ উৰিষ্যাৰ পৰা লৈ অনাটো পৰিয়ালৰ বাবে সম্ভৱ নাছিল।

মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাই কৰুনা ঘটনাটো জ্ঞাত হোৱাৰ লগে লগে সম্পূৰ্ণ তৎপৰতাৰে তেওঁ এয়াৰ এম্বুলেন্সৰ জৰিয়তে মৃত মহিলা গৰাকীৰ মৃতদেহ ঘৰলৈ আনাৰ ব্যৱস্থা কৰি দিয়ে।

ইমান ব্যস্ততাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎক্ষণিক সহানুভূতি তথা মহানুভৱতাক ৰাইজে শলাগ লৈছে। মহিলা গৰাকীৰ মৃতদেহ ঘৰ পোৱাৰ লগে লগে এক কৰুণ পৰিবেশৰ সৃষ্টি হয়।

তেখেতৰ মৃত্যুত উত্তৰ গুৱাহাটীত শোকৰ ছাঁ পৰে। বিভিন্ন দল সংগঠনৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ উপৰিও পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃত মহিলা গৰাকীৰ মৃত্যুৰ সময়ত ৬০ বছৰ হৈছিল।

Leave A Reply