Breaking

পিলিক চৌধুৰী, দেউকণ আৰু নৃপেন্দ্র নাৰায়ণ সিংহ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

0 95

প্ৰি-সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া, মৰিগাঁও তত্ত্বাৱধানত আগন্তুক আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত কৰিবলৈ ঠিৰাং কৰা হৈছে বুলি জিলা ক্ৰীড়া বিষয়া চন্দন তালুকদাৰে জানিবলৈ দিছে।

এই প্ৰতিযোগিতাত পিলিক চৌধুৰীৰ প্ৰতিযোগিতাৰ বাবে (১৪ বছৰ অনূ্ৰ্ধ্ব ল’ৰাৰ বয়সৰ সীমা) ০১-০১-২০১০ চনৰ তলত জন্মগ্ৰহণ কৰা হ’ব লাগিব । দেউকণ প্ৰতিযোগিতাৰ বাবে (১৭ বছৰ অনূ্ৰ্ধ্ব ল’ৰাৰ বয়সৰ সীমা) ০১-০১-২০০৭ চনৰ তলত জন্মগ্ৰহণ কৰা হ’ব লাগিব ।


নৃপেন্দ্র নাৰায়ণ সিংহ বাবে (১৭ বছৰ অনূ্ৰ্ধ্ব ছোৱালীৰ বয়স সীমা) ০১-০১-২০০৭ চনৰ তলৰ জন্মগ্ৰহণ কৰা হ’ব লাগিব । উক্ত ফুটবল প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ৰ যি সমূহ বিদ্যালয়ে অংশগ্ৰহণ কৰিব বিচাৰে, সেই বিদ্যালয়সমূহক অহা ১৯ জুন, ২০২৩ তাৰিখৰ ভিতৰত অনলাইনযোগে www.subrotocup.in এই ৱেবছাইটত ২,০০০ টকা জমা কৰি লগতে খেলুৱৈৰ নাম, বয়সৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, পাছপৰ্ট ফ’টো জমা কৰি পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ’ল ।

তাৰোপৰি অনলাইনযোগে কৰা পঞ্জীয়নৰ প্ৰমাণ পত্ৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, মৰিগাঁৱত ২০-০৬-২০২৩ তাৰিখৰ ভিতৰত জমা দিবলৈ অনুৰোধ কৰা হ’ল । উল্লেখ থাকে যে যি সমূহ বিদ্যালয়ে ৱেবছাইটযোগে পঞ্জীয়ন কৰিব সেইসমূহ দলকহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিয়া হ’ব । সবিশেষ জানিবৰ বাবে ৮৪৮৬৬৩৩৭৮৫/৮৮৭৬৩৩৩৫৫৩ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Leave A Reply