Breaking

আনাৰসৰত আছে বিশেষ ঔষধি গুণ

0 93

 আনাৰস হ’ল খুব ৰস থকা এবিধ ফল যাৰ সুৱাদ অত্যাধিক। আনাৰসৰ ৫ টা বিশেষ গুণৰ সম্পৰ্কে-

আনাৰসত প্ৰচুৰ পৰিমাণে আঁহজাতীয় উপাদান থকাৰ বাবে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।

জ্বৰ উঠি বমি হ’লে আনাৰস পাতৰ ৰস অতি উপকাৰী ।

পেটফুলা, দাঁতৰ বিষ, কৃমিৰ পৰা হোৱা মুৰ্চ্ছ আদি ৰোগত আনাৰস পাতৰ ৰস অতি উপকাৰী।

আনাৰসত থকা কম মাত্ৰাৰ ক্ল’ৰিনে বৃক্কক সজীৱ কৰি বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনত দেহক সহায় কৰে।

আনাৰসে গ্ৰাসনলিকা পৰিষ্কাৰ কৰা হেতুকে শিশুসকলে ডিপথেৰিয়া ৰোগত ভোগাৰ সময়ত গ্ৰাসনলিকাত জমা হোৱা ক্ষতিকাৰক চামনি দূৰ কৰে ।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱা বাঞ্চণীয়।

Leave A Reply