Breaking

জামুগুৰিত মীন তথ্য কেন্দ্ৰ উন্মোচনী অনুষ্ঠান সফলতাৰে সম্পন্ন

0 150

আমাৰ যুৱক-যুৱতী,ডেকা-গাভৰু সকলৰ  গাত প্ৰচুৰ সম্ভাৱনা আছে ৷ তেওঁলোকে তেওঁলোকৰ ইচ্ছাশক্তিৰে সমাজ এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে ৷ সকলো সময়তে চৰকাৰী বস্তু লৈ বেছি আশা নকৰি  জ্ঞান আহৰণৰ জৰিয়তে শিক্ষা ল’বলৈ চেষ্টা কৰি সেই শিক্ষাৰে স্বাৱলম্বিতাৰ আদৰ্শ গ্ৰহণ কৰিবলৈ পাৰিব লাগিব আজিৰ নতুন প্ৰজন্মই ৷’ এই মন্তব্য নগাঁও জিলাৰ শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° নিৰঞ্জন ডেকাৰ  ৷

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উদ্যোগত  মীন মহাবিদ্যালয় গ্ৰাম্য মীন কৰ্ম আঁচনি,২০২২ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সৌজন্যত  জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি উল্লিখিত বক্তব্য প্ৰদান কৰাৰ লগতে  পুনৰ ড° ডেকাই  দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰায়ে কৈ অহা ‘জয় জৱান, জয় কিষাণ আৰু জয় বিজ্ঞান’ৰ বাণীক সাৰোগত কৰি  অনুষ্ঠানত উপস্থিত  মৎস্য পালনৰ প্ৰতি আগ্ৰহী লোক সকলক বিজ্ঞান সন্মতভাৱে কাম কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

নগাঁও শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ ধীৰেন নাথে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকদ্বয় ক্ৰমে কাকলি কাশ্যপ আৰু কৰিস্মা মিলিয়ে সমবেত লোক সকলৰ সহায় হোৱাকৈ সংমিশ্ৰিত মীন পালন প্ৰস্তুতি,মাছ আৰু কণী পৰা কুকুৰা পালনৰ প্ৰত্যক্ষ সমন্বিত পদ্ধতি,মাছৰ ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায়,পুখুৰীৰ প্ৰস্তুতি, চূণ আৰু সাৰ প্ৰয়োগ, মাছৰ খাদ্য, মাছৰ প্ৰজাতিৰ অনুপাত,পোণা মেলাৰ হাৰ,স্তৰ অনুযায়ী মাছৰ বিভাজন, পুখুৰীৰ পানীৰ গুণাগুণৰ ব্যৱস্থাপনা,পৰজীৱি আৰু অনুজীৱি জনিত ৰোগ, ভেকুৰজনিত ৰোগ,সমন্বিত মীন আৰু হাঁহ পালন,সমন্বিত ধান-মাছ পালনৰ প্ৰস্তুতি আৰু সমন্বিত মাছ আৰু গাহৰী পালনৰ প্ৰস্তুতি আদিৰ সন্দৰ্ভত সকলোৰে সহজবোধ্য হোৱাকৈ  ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ সামগ্ৰিকভাৱে আঁত ধৰে ৰহা মীন মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী, গুৱাহাটীৰ অশ্লেষা স্ৰাৱৰ্ণীয়ে ৷

অনুষ্ঠানটিত ৰহা মীন মহাবিদ্যালয়ত  চতুৰ্থ বৰ্ষত অধ্যয়নৰত গুৱাহাটীৰ স্নেহা কে কলিতা, ধেমাজিৰ বিপাশা নন্দী, লখিমপুৰৰ সিদ্ধান্ত বৰুৱা, ছিক্কিমৰ অশ্বিন শৰ্মা আৰু বিহাৰৰ অশ্বিনি কুমাৰ উপস্থিত থাকি বক্তব্য প্ৰকাশ কৰাৰ লগতে তেওঁলোকে মাৰ্চ মাহৰ প্ৰতি দেওবাৰে গাঁওখনৰ মৎস্য পালন তথা কৃষি কৰ্মৰ বিষয়ে কৰ্মশালা অনুষ্ঠিত কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ৷ অনুষ্ঠানত বয়োজ্যেষ্ঠ গায়ন বীৰেন নাথ, সাংবাদিক প্ৰাঞ্জল বৰদলৈ,  জংগম গোষ্ঠীৰ সভাপতি ভূৱন নাথ ,সমাজকৰ্মী পোৱাল চন্দ্ৰ নাথ, শিক্ষক জ্যোতিপ্ৰসাদ বৰাই আগবঢ়োৱা বক্তব্যৰ উপৰি অনুষ্ঠানত গ্ৰাম্য মীন কৰ্ম অভিজ্ঞতা আঁচনি ২০২২, মীন তথ্য কেন্দ্ৰটিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক দেৱেন নাথ, চম্পেশ্বৰ নাথ উদ্যমী যুৱক বিজিত ডেকা, যুগল  বৰদলৈ,দীজু নাথ প্ৰমুখ্যে বহু কেইগৰাকী  বিশিষ্ট সমাজ সচেতন ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷ 

Leave A Reply