Breaking

শোণিতপুৰৰ বালিপৰাৰ অকাবস্তিত পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ,এজনক আটক

0 2,011

 শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্ত’গত তথা বালিপৰাৰ সমীপবতী’ অকাবস্তিৰ পৰা  কালি আৰখীয়ে এটা পিষ্টল , ৬ জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ যে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমূদ্দিন আহমেদৰ নেতৃত্বত যোৱা আৰখীৰ দলটোৱে অভিযান চলাই উক্ত পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰাৰ উপৰিও আকাশ আলি নামৰ এজন লোকক আটক কৰিছে । বিগত কিছুদিন ধৰি আকাশ আলিক আৰক্ষীয়ে বিচাৰি আছিল যদিও আকাশ আলি পলায়ন কৰি আছিল । অৱশেষত কালি আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে কিছুদিন  পূৰ্বে ড্ৰাগচ মাফিয়া ৰুহুল  আমিনক  আটক কৰিছিল চাৰিদুৱাৰ আৰক্ষীয়ে আৰু ৰাহুলে আকাশ আলিৰ হাতত পিষ্টলটো লুকুৱাই ৰাখিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ পন্ঞ্জীভূক্ত কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply