Breaking

গুৱাহাটীস্থিত Peace Wellness Foundation ৰ এটি ৰিহাব চেন্টাৰ আজি আকস্মিক পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ…

0 157

গুৱাহাটীস্থিত Peace Wellness Foundation ৰ এটি ৰিহাব চেন্টাৰ আজি আকস্মিক পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ ।সকলো ধৰণৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি নীতিগৰ্হিত ভাৱে চলি থকা চেন্টাৰটিত আবাসী থকাৰো কোনোধৰণৰ পৰিৱেশ এই পৰিদৰ্শন কালত দেখা নাপালে মন্ত্ৰী পিযূষ হাজৰিকাই ।

চেন্টাৰটিৰ কৰ্তৃপক্ষক প্ৰথমবাৰৰ বাবে এটি সুবিধা প্ৰদান কৰি অনতিপলমে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা তথা নীতি-নিয়ম সমূহ মানি চেন্টাৰটি চলাবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে স্থানীয় আৰক্ষীক তিনিদিনৰ বাবে চেন্টাৰটিৰ সকলো কাম-কাজ নিৰীক্ষণত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী পিযূষ হাজৰিকাই ।

অতি শীঘ্ৰ গুৱাহাটীৰ সকলো ৰিহাৰ্ব চেন্টাৰৰ মালিক পক্ষৰে মিলিত হৈ চেন্টাৰ সমূহ চলাই নিয়াৰ ক্ষেত্ৰত এখনি নতুন এছ.অ’.পি প্ৰস্তুত কৰা হ’ব বুলি কয় মন্ত্ৰী পিযূষ হাজৰিকাই । ইয়াৰ প্ৰাৰম্ভিক কাম খিনি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে। নীতি-নিয়ম ভংগ কৰি চলি থকা কোনো চেন্টাৰকে অনাগত সময়ত চলি থাকিবলৈ নিদিওঁ বুলি কয় মন্ত্ৰী পিযূষ হাজৰিকাই , এই ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ বুলি কয় মন্ত্ৰী পিযূষ হাজৰিকাই।

Leave A Reply