Breaking

লাহৰীঘাটতো প্লাষ্টিকৰ চাউল

0 531

লাহৰীঘাটত সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিকৰ চাউল।এই ঘটনা সংঘটিত হৈছে লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত।সমবায় সমিতি খনৰ অন্তৰ্গত মাহদলা গাঁৱৰ সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ পৰা গাঁওখনৰে ৰমেশ দেওৰজা সহ কেইবাগৰাকীও লোকে আনিছিল সুলভ মূল্যৰ চাউল।এই চাউলৰ মাজতে এতিয়া উদ্ধাৰ হৈছে প্লাষ্টিকৰ চাউল।ইয়াকে লৈ সমগ্ৰ অঞ্চলটোতে লাগিছে হাহাকাৰ।ইফালে এই ঘটনা খবৰ পাই গাঁওখনত উপস্থিত হ’ল স্থানীয় গাঁওবুঢ়া দিপাংকৰ বৰদলৈ।গাঁওবুঢ়া গৰাকীৰ উপস্থিতিতে চাউলখিনি প্ৰমাণ কৰিবলৈ এনেদৰে জুই আৰু পানীত পৰীক্ষা কৰা হ’ল।ইফালে গাঁবুঢ়া গৰাকীয়ে এই সন্দৰ্ভত সমবায় খনৰ সভাপতি দুৰ্লভ চন্দ্ৰ নাথ আৰু সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ লগত যোগাযোগ কৰে যদিও বিষয়টোত কোনো গুৰুত্ব নিদিয়া অভিযোগ উঠিছে।আনহাতে এই সমগ্ৰ ঘটনাটো তদন্তৰ দাবী জনাইছে স্থানীয় গাঁওবুঢ়া দিপাংকৰ বৰদলৈয়ে।

Leave A Reply