Breaking

পূৰ্ণ গতিত পূব লাহিংত খেল মহাৰণ ! ডেৰ শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ…

0 57

অসম চৰকাৰে গাঁওৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে সমগ্ৰ অসমতে অনুষ্ঠিত কৰা খেল মহাৰণ ইতিমধ্যে যোৰহাট জিলাৰ ১১ নং পূব লাহিং গাঁও পঞ্চায়তত পূৰ্ণ গতিত অনুষ্ঠিত হৈছে। পঞ্চায়তৰ অন্তৰ্গত টিপমীয়া খেলপথাৰত ০১নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে বিভিন্ন ক্ৰিয়া ইভেণ্ট সমূহ।

প্ৰথম দিনা গাঁও পঞ্চায়তৰ সভাপতি ঋতু বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাতুল গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত চেলেংহাট প্ৰেছ ক্লাৱৰ সভাপতি মদন মোহন পাগবন্ধা, সম্পাদক অনুৰাগ শইকীয়া, বিজেপি নেতা তৰুণ ৰাজুৱাৰ, পঞ্চায়তৰ সচিবকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত থাকি খ্যাতি সম্পন্ন ক্ৰিয়াবিদ তথা ড্ৰাগছ মুক্তি অভিযানৰ সক্ৰিয় কৰ্মী তুষাৰ পালে মহাৰণৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে বৰ্তমানলৈকে শতাধিক প্ৰতিযোগীয়ে এই মহাৰণত অংশগ্ৰহণ কৰি কুৰিৰো অধিক প্ৰতিযোগীয়ে সমষ্টি ভিত্তিক মহাৰণলৈ নিৰ্বাচিত হৈছে।

Leave A Reply