Breaking

ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা, কৰ্মচাৰীৰ দুৰ্দশা

0 2,046

লকডাউনৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত ব্যক্তিসকলৰ লগতে   ব্যপকভাৱে প্ৰভাবিত হৈছে অসমৰ ন্যায় ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলো।আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা তথা কৰ্মচাৰীসকলে সংবাদমাধ্যমৰ আগত তেওঁলোকে লকডাউনৰ ফলত হোৱা দুৰ্দশাৰ বিষয়ে অৱগত কৰে । উল্লেখযোগ্য যে যোৱাবছৰো আদালতৰ কামকাজ বন্ধহৈ এইসকল অধিবক্তা বিশেষভাবে সমস্যৰ সন্মুখিন হৈছিল আৰু এইবাৰো প্ৰায় এমাহধৰি ৰঙিয়া আদালতত নিয়োজীত হৈ থকা দুইশতাধিক অধিবক্তা তথা ইয়াৰ লগত জড়িত তৰণী আৰু ষ্টেম্প ভেণ্ডৰসমূহ  আদালতৰ কামকাজ বন্ধ হৈ থকাৰ ফলত তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰি চৰকাৰে এইক্ষেত্ৰত আৰ্থিক সাহাৰ্য্যৰ ব্যৱস্থা কৰাৰ আহ্বান জনাই ।এইক্ষেত্ৰত কনিষ্ঠ অধিবক্তা সকল  বিশেষভাবে সমস্যত পৰা বুলিও উল্লেখ কৰে ৰঙিয়া উকিল সন্থাৰ সদস্য অধিবক্তা অচ্যুত কলিতাই । ইয়াৰোপৰী অধিবক্তা সকলৰ বাবে চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত ভেকচীন প্ৰদান কৰা নাই বুলিও অভিযোগ কৰি কয় যে দুশৰো অধিক অধিবক্তাৰ বিপৰীতে মাত্ৰ ২৫ জন অধিবক্তাক সেয়াও আমিনগাওঁস্থিত জিলা দণ্ডাধীশৰ আদালত চৌহদত প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে । অতিশীঘ্ৰেই ৰঙিয়া উকিল সন্থাৰ প্ৰতিজন অধিবক্তাৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই অধিবক্তা চৈয়দ মোস্তাফা আহমেদে ।

Leave A Reply