Breaking

ৰোজগাৰ মেলা সম্বোধি ৫১ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰীৰ; গুৱাহাটীত ১০১নিযুক্তি পত্ৰ বিতৰণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

0 32

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগত ৫১,০০০তকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে৷ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত এই নৱনিযুক্তিপ্রাপ্তসকলে ৰে’ল মন্ত্ৰালয়ৰ লগতে ডাক বিভাগ, গৃহ, ৰাজহ, উচ্চ শিক্ষা, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগকে ধৰি বিভিন্ন বিভাগত যোগদান কৰিব৷

প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৩৭ খন ঠাইৰ পৰা জনপ্রতিনিধিসকল আৰু নৱনিযুক্তসকল সংযুক্ত হৈ আছিল। এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালিগাঁৱৰ ৰে’লৱে অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে আৰু ১০১ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে৷


সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, যোৱা বছৰ অক্টোবৰত ৰোজগাৰ মেলা আৰম্ভ হোৱাৰ লগে লগে যুৱপ্ৰজন্মৰ সংস্থাপনৰ যাত্ৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে।


“চৰকাৰে নিযুক্তিৰ সুযোগ প্ৰদান কৰা পৰম্পৰাগত খণ্ডসমূহক শক্তিশালী কৰি আছে আৰু লগতে নৱীকৰণযোগ্য শক্তি, মহাকাশ, স্বয়ংক্রিয়কৰণ আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ দৰে নতুন খণ্ডক প্ৰসাৰিত কৰি আছে”, প্রধানমন্ত্ৰীয়ে কয় ৷


“আমি কেৱল নিযুক্তি প্ৰদান কৰাই নহয়, লগতে এক স্বচ্ছ ব্যৱস্থা বজাই ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ”, নৰেন্দ্ৰ মোদীয়ে নিযুক্তি প্ৰক্ৰিয়াত পূর্ণ স্বচ্ছতাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰে কেৱল প্ৰক্ৰিয়াবোৰ সুশৃংখলিত কৰাই নহয়, লগতে পৰীক্ষাৰ প্ৰক্ৰিয়াটো পুনর্গঠন কৰাৰ প্ৰয়াস কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৰ্মচাৰী বাছনি চক্ৰৰ অধীনত নিযুক্তিৰ বাবে লোৱা সময় এতিয়া আধালৈ হ্ৰাস কৰা হৈছে৷ এছএছচিৰ অধীনৰ কিছুমান পৰীক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে এতিয়া হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩টা বিভিন্ন আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে যাৰ ফলত প্ৰাৰ্থীসকলৰ বাবে ভাষাৰ বাধা আঁতৰি গৈছে।


প্রধানমন্ত্রী মোদীয়ে কয় যে যিকোনো দেশৰ যিকোনো প্রতিযোগিতামূলক সুবিধা সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ যুৱশক্তিৰ প্রয়োজন৷ তেখেতে দক্ষতা আৰু শিক্ষাৰ পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে যুৱপ্ৰজন্মক নতুন সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ সজ্জিত কৰি তুলিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, নতুন চিকিৎসা মহাবিদ্যালয়, আইআইটি, আইআইএম, আইআইআইটি আদি প্ৰসাৰিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কোটি কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে৷


অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে নিৰন্তৰ উন্নয়নৰ মাজেদি আগুৱাই গৈছে আৰু সকলো ক্ষেত্রতে এক নতুন দিগন্তৰ সূচনা কৰিছে। কেইবা মাহ ধৰি ৰোজগাৰ মেলাৰ সফল আয়োজন কেন্দ্ৰীয় চৰকাৰৰ ১০ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক প্রকৃত প্রমাণ। ২০৪৭ চনৰ ভিতৰত ভাৰত যাতে এখন সম্পূৰ্ণৰূপে উন্নত আৰু আত্মনিৰ্ভৰশীল দেশ হৈ পৰে, তাৰ বাবে যুৱপ্ৰজন্মই অগ্রণী ভূমিকা পালন কৰিব লাগিব ৷ ইয়াৰ বাবে অদম্য কৰ্মস্পৃহাৰে কৰ্মক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দাঙি ধৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্রিয় ভূমিকা পালন কৰিবলৈ নৱনিযুক্তিপ্রাপ্তসকলক আহ্বান জনালোঁ।”

Leave A Reply