Breaking

প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ: বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলো সহায়ৰ আশ্বাস

0 2,023

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ ফোন কৰি সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে।

” আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোন যোগে বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ কয় আৰু এই বিপদৰ মোকাবিলা কৰিবলৈ অসমক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। বৰ্তমানৰ বানপানীয়ে মানুহৰ জীৱিকাত গুৰুতৰ প্ৰভাৱ পেলাইছে। এই সংকটৰ সময়ত আমাৰ সৈতে থিয় দিয়াৰ বাবে আদৰণীয় মোডীজীলৈ মোৰ কৃতজ্ঞতা,” শৰ্মাই টুইট কৰে।

বানপানীৰ ফলত অসমৰ ২১ খন জিলাৰ প্ৰায় ৯৫০ খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে বুলি বান প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালীয়ে (এফআৰআইএমএছ) প্ৰকাশ কৰিছে।
৩০ আগষ্টত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) প্ৰকাশ কৰা এফআৰআইএমএছৰ প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত বানপানীৰ ফলত ৩,৬৩,১৩৫ জন লোক বাস কৰা অসমৰ ২১ খন জিলাৰ প্ৰায় ৯৫০ খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিবেদনখনে এইটোও প্ৰকাশ কৰিছিল যে বানপীড়িতসকলক সহায় কৰিবলৈ ৰাজ্যখনত ১৬ টা সাহায্য শিবিৰ আৰু ২৮ টা সাহায্য বিতৰণ কেন্দ্ৰ অন্তৰ্ভুক্ত থকা ৪৪ টা সাহায্য কেন্দ্ৰ মুকলি কৰা হৈছে।
এই সাহায্য শিবিৰসমূহত মুঠ ১,৬১৯ জন লোকে আশ্ৰয় লৈছে।

Leave A Reply