Breaking

ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰীত কেন্সাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

0 92

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ৰাজ্যৰ আন ছয়খন জিলাৰ লগতে ধুবুৰীতো এটা কেন্সাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰিম’টৰ বুটাম টিপি নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পটালৰ সমীপতে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া কেন্সাৰ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে৷ নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পটালৰ চৌহদত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা অনুষ্ঠান পোনপটীয়াভাৱে দেখুওৱা হয় আৰু প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপনৰ বুটাম টিপাৰ লগে লগে ধুবুৰীত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প, ৰেচম, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বুটাম টিপি আধাৰশিলা ফলক মুকলি কৰে৷

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, ধুবুৰী পৌৰসভাৰ সভাপতি দেৱময় সান্যাল, অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব অনন্ত লাল জ্ঞানী, ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেবা হাজাৰ লোক উপস্থিত থাকে৷ জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে আদৰণি ভাষণত কয় যে ধুবুৰীত নিৰ্মাণ হ’বলগীয়া কেন্সাৰ কেন্দ্ৰটোৱে ধুবুৰী আৰু চুবুৰীয়া জিলাবোৰৰ কেন্সাৰ ৰোগী আৰু তেওঁলোকৰ অভিভাৱকক ডাঙৰ সকাহ দিব৷ অনুষ্ঠানত ভাষণ দি মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কয়, ‘ভাৰতবৰ্ষৰ উন্নত ৰাজ্যবোৰৰ সৈতে অসমক আগবঢ়াই নিয়াৰ যাত্ৰাত ধুবুৰী জিলাকো অন্তৰ্ভুক্ত কৰা হৈছে, সেয়া হৈছে অতিশয় আনন্দৰ কথা কথা৷

ধুবুৰীক এতিয়াও উন্নত জিলা বুলি কব নোৱাৰি ৷ কিন্তু লাহে লাহে ধুবুৰী জিলা উন্নত হ’বলৈ গৈ আছে৷ লাহে লাহে উন্নয়ণৰ দিশত জিলাখন আগবাঢ়ি যাব৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলাখনৰ উন্নয়ণৰ বাবে এটাৰ পিছত আনটো পদক্ষেপ লৈছে৷’ মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কেন্সাৰ বিৰোধী এই যি আন্দোলন আৰম্ভ হৈছে, তাৰ সুফল আমি পাম৷ কেন্সাৰৰ চিকিৎসাৰ বাবে এতিয়া ৰাইজ আন ঠাইলৈ যাব নালাগে৷ আনহাতে ধুবুৰীত নিৰ্মাণ সম্পূৰ্ণ হৈছে এখন অত্যাধুনিক চিকিৎসা মহাবিদ্যালয়৷ যিটো অতি আনন্দৰ কথা৷’ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ ভূৱনেশ্বৰ কলিতাই কয়, ‘দুখীয়া, নিঃকিনজনৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাম কৰি গৈছে৷ ফলত সকলোৰে সমভাৱে উন্নতি হৈছে৷’ অনুষ্ঠানত আন কেবাগৰাকী বিশিষ্ট ব্যক্তিয়েও ভাষণ প্ৰদান কৰে৷

Leave A Reply