Breaking

প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

0 2,048

পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি ৭ লোককল্যাণ মার্গস্থিত চৰকাৰী বাসভৱনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে আজি এক চমু আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্রথমবাৰৰ বাবে দিল্লী ভ্রমণলৈ অহা মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক  মূলতঃ সৌজন্যমূলক সাক্ষাৎ কৰা বুলি ধাৰণা কৰা হৈছে৷দিনৰ ১২ বজাত প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও বৈঠকত মিলিত হয়৷ পুৱা দহ বজাত ডোভালৰ চৰকাৰী বাসভৱনত হোৱা বৈঠকৰ পিছত দিল্লীৰ আছাম হাউছত বিদেশত ভাৰতৰ চোৰাংচোৱা সংস্থা ৰিছার্চ এণ্ড এনালাইছিছ উইংছ চমুকৈ ‘ৰ’ৰ মুৰব্বী সামন্ত কুমাৰ গোৱেলৰ সৈতে হোৱা বৈঠকখনো আছিল যথেষ্ট তাৎপর্যপূর্ণ৷ কাৰণ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা আৰু ৰ–ৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতহে মুখ্যমন্ত্রী শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ বাবে ৰাওনা হয়৷ আৰু তাৎপর্যপূর্ণ বিষয়টো হৈছে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা ডোভাল, ‘ৰ’ৰ মুৰব্বী গোৱেল আৰু প্রধানমন্ত্রী মোদীৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই সন্ধিয়া ৬ বজাত আছাম হাউছৰ কনফাৰেঞ্চ ৰুমত কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ সৈতেও আন এখন বৈঠকত মিলিত হয়৷

লক্ষণীয়ভাৱে আছাম হাউছৰ এই বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে৷ ৰাজ্যৰ গৃহ বিভাগৰ সৈতে জডিত থকা বিষয়ক লৈহে মুখ্যমন্ত্রী ড০ শমাই আজিৰ দিনটোত প্রধানমন্ত্রী মোদী, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা, ৰ–ৰ মুৰব্বী আৰু কেন্দ্রীয় গৃহ সচিবৰ সৈতে আলোচনা কৰাৰ কথা একপ্রকাৰ নিশ্চিত বুলি ক’ব পাৰি৷ মুখ্যমন্ত্রী ড০ শর্মাই বুধবাৰৰ দিনটোত ইয়াৰ বাহিৰেও কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধন আৰু নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰীকো সাক্ষাৎ কৰে৷ বিয়লি ৩ বজাত চৰকাৰী বাসভৱনত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে আলোচনাত মিলত হোৱাৰ পিছত ৪.৩০ বজাত নির্মাণ ভৱনত নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰী আৰু ৫ বজাত স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনক সাক্ষাৎ কৰে৷

মুখ্যমন্ত্রীৰ কার্যালয় সূত্রত জানিব পৰা মতে, বুধবাৰে নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে আন এখন বৈঠকত মিলিত হোৱাৰ কথা৷ পিছে এই বৈঠকখন সম্পূর্ণ ৰাজনৈতিক বিষয় সংক্রান্ত বুলি মুখ্যমন্ত্রীৰ কার্যালয়ে স্পষ্ট কৰি দিছে৷ জানিব পৰা মতে, আজি মুখ্যমন্ত্রী ড০ শর্মাই পুৱাৰ ভাগত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ পোৱাৰ কথা৷ তাৰ পিছত অসমলৈ উভতি যোৱাৰ পূর্বে তেওঁ দিল্লীৰ আছাম হাউছ কিম্বা ভৱনত সাংবাদিকক সম্বোধন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীৰ কার্যালয়ে জানিবলৈ দিছে৷

Leave A Reply