Breaking

‘প্ৰধানমন্ত্ৰী মোদীয়ে সদায় মোৰ পিতৃৰ ভৰি স্পৰ্শ কৰিব বিচাৰিছিল, তেওঁলোকৰ সম্পৰ্ক বহু বছৰ পুৰণি’: প্ৰণৱ মুখাৰ্জীৰ কন্যা…

0 74

‘প্ৰধানমন্ত্ৰী মোদীয়ে সদায় মোৰ পিতৃৰ ভৰি স্পৰ্শ কৰিব বিচাৰিছিল, তেওঁলোকৰ সম্পৰ্ক বহু বছৰ পুৰণি’: প্ৰণৱ মুখাৰ্জীৰ কন্যা

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠাই তেওঁৰ পিতৃকলৈ লিখা গ্ৰন্থ খনত প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰণৱ মুখাৰ্জীৰ সম্পৰ্কৰ বিষয়েও উল্লেখ কৰিছে। শৰ্মিষ্ঠাই তেওঁৰ গ্ৰন্থ খনত লিখিছে -মোদীয়ে তেতিয়া এজন সাধাৰণ দলীয় কৰ্মী হিচাপে সাংগঠনিক কামৰ বাবে দিল্লীলৈ আহিছিল আৰু তেওঁ নৰ্থ এভিনিউ আৰু চাউথ এভিনিউ এলেকাত আছিল।

“তেওঁ পুৱা খোজকঢ়াৰ সময়ত বাবাৰ কাষলৈ আহিছিল আৰু সদায় বাবাৰ ভৰি স্পৰ্শ কৰিব বিচাৰিছিল। ” মোদীয়ে প্ৰণৱ মুখাৰ্জীক বহুত শ্ৰদ্ধা কৰা বুলিও গ্ৰন্থ খনত কোৱা হৈছে।

মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ তিনি বছৰ পিছত প্ৰণৱ মুখাৰ্জীয়ে ২০১৭ চনলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জীয়ৰী শৰ্মিষ্ঠাই কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় তেওঁৰ দেউতাকৰ ভৰি স্পৰ্শ কৰিছিল ।

Leave A Reply