কুৱেইটৰ বিধ্বংসী অগ্নিকাণ্ডত নিহত ভাৰতীয় শ্ৰমিকৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…

বুধবাৰে এক অভাৱনীয় ঘটনা সংঘটিত হৈছিল কুৱেইটত। কুৱেইটৰ শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত৷ নিহত লোকৰ নিকটাত্মীয়লৈ দুই লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ। ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ মৃতদেহসমূহ শীঘ্ৰে প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ কুৱেইটৰ বৈদেশিক মন্ত্ৰীক আহ্বান এছ জয়শংকৰৰ৷অগ্নিকাণ্ডত নিহত ভাৰতীয় শ্ৰমিকৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

কুৱেইটৰ মাংগাফ অঞ্চলত বুধবাৰে শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱাৰ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ ইফালে আঘাতপ্ৰাপ্ত লোকসকলক কুৱেইটৰ আদান, জাবেৰ, ফাৰৱানিয়া, মুবাৰক আল কাবীৰ আৰু জাহৰা নামৰ পাঁচখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে৷

চিকিৎসালয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসাধীন অধিকাংশৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। মন্ত্ৰণালয়ে লগতে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “দূতাবাসে সংশ্লিষ্ট কুৱেইট কৰ্তৃপক্ষ আৰু কোম্পানীটোৰ পৰা সম্পূৰ্ণ সবিশেষ জানিবলৈ লৈছে। আমি শোকসন্তপ্ত পৰিয়ালসমূহক গভীৰ সমবেদনা জনাইছো।” ইফালে এই ঘটনাৰ পিছতে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ স্বয়কাই ততাতৈয়াকৈ ঘটনাস্থলী আৰু চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ভাৰতীয় নাগৰিকসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ কুৱেইট কৰ্তৃপক্ষৰ পৰা দূতাবাসে পূৰ্ণ সহযোগিতা লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে যে দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে এই দুৰ্ভাগ্যজনক কাণ্ডত আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিকসকলক সহায় কৰিব পৰা যায় আৰু লগতে তেওঁলোকক সকলো সম্ভাৱ্য সমৰ্থন আগবঢ়োৱা হৈছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে মৃতদেহসমূহ শীঘ্ৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ লগতে আহতসকলৰ চিকিৎসা সাহায্যৰ দিশত কাম কৰাৰ বাবে কুৱেইটলৈ যোৱাৰ যোজা চলাইছে। ইফালে কুৱেইটত থকা ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যাতে এই ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিব পাৰে।

Related Articles