সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে দেশৰ বহু নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৪৯ দিন কাৰাগাৰত কটোৱাৰ পিছত ওলাই আহিছে কেজৰিৱাল। জেলৰ পৰা মুক্তি পোৱাৰ লগে লগে কেজৰিৱালে বিজেপি চৰকাৰক কথাৰে আক্ৰমণ কৰে। এতিয়া পাকিস্তানৰ প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়েও কেজৰিৱালৰ মুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক্সত পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদ খানে লিখিছে, “পিএম মোডীয়ে আন এখন যুদ্ধত পৰাস্ত, উদাৰ ভাৰতৰ বাবে ভাল খবৰ।” কেজৰিৱালৰ জামিনক নৰেন্দ্ৰ মোডীৰ বাবে বৃহৎ পৰাজয় বুলি অভিহিত কৰি ফাৱাদে ইয়াৰ বাবে উদাৰ মনৰ ভাৰতীয়সকলকো অভিনন্দন জনাইছে।
কালি অৰ্থাৎ ১০ মে’ত তেওঁক উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে ১ জুনলৈকে জামিন প্ৰদান কৰা হয় কেজৰিৱালক।শীঘ্ৰে দেশজুৰি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত যোগ দিব কেজৰিৱালে।
লোকসভা নিৰ্বাচনৰ মাজতে ৰাহুল গান্ধীৰ প্ৰতি পাকিস্তানী নেতাৰ আগ্ৰহো বৃদ্ধি পাইছে। শেহতীয়াকৈ তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বক্তব্যৰ প্ৰশংসা কৰিছিল।