Breaking

কৃষকৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰৰ ১৮ হাজাৰ কোটি টকাৰ বিশেষ আঁচনি

0 2,046

এফালে চলি আছে কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ । আনহাতে নৰেন্দ্ৰ মোডী নেত্বৃতাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সুবিধাৰ্থে ঘোষণা কৰিলে এক নতুন আঁচনি । ন কোটি কৃষকৰ সুবিধাৰ্থে ১৮ হাজাৰ কোটি টকাৰ কৃষক সন্মান নিধি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ।  এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে চাৰি মাহৰ ব্যৱধানত ২০০০টকাকৈ মুঠ ৬০০০ টকা লাভ কৰিব কৃষকসকলে। এই ধনৰাশি পোনপটীয়াকৈ উপলব্ধ হ’ব কৃষকৰ বেংক একাউন্টত ।

প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সু-শাসন দিৱসৰ অংশ হিচাপে ন-কোটি কৃষকক মাত্ৰ দুঘন্টাৰ ভিতৰতে ১৮ হাজাৰ কোটি আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলক সম্বোধন কৰিব এই বিশেষ দিনটোত।

২৫ ডিচেম্বৰত ডিজিটেল মাধ্যমেৰে আয়োজন কৰা হ’ব এক বিশেষ অনুষ্ঠান। য’ত অংশগ্ৰহণ কৰিব দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে । এই অনুষ্ঠানৰ জৰিয়তে অনলাইনযোগে ছখন ৰাজ্যৰ ছজন কৃষকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব প্ৰধানমন্ত্ৰী মোডীয়ে। এই অনুষ্ঠানৰ বাবে প্ৰায় দুই কোটি কৃষকে নাম পঞ্জীয়নৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Leave A Reply