Breaking

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব মোদী

0 175

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব ।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই সন্দৰ্ভত আজি সংবাদ মাধ্যমক কয় যে – জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা বিজেপি মিত্ৰজোট দলৰ চৰকাৰে বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰ ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰিছে।

এতিয়া দ্বিতীয় পৰ্য্যায়ত আন এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰ ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে অসম চৰকাৰৰ এই ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ অভিলাষী আঁচনিৰ উদ্বোধন কৰিব।

আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন সহ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ পৰিদৰ্শন কৰে৷

২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ প্ৰধানমন্ত্ৰী মোদী আহি প্ৰায় দুই লাখ জনতা সমেবত হ’ব লগা এক বিশাল জনসভাত অংশ ল’ব। কাইলৈৰ পৰাই ঐতিহাসিক জেৰেঙা পথাৰত ইয়াৰ প্ৰস্তুতি আৰম্ভ হ’ব বুলি সাংসদ্বয়ে জানিবলৈ দিয়ে।

Leave A Reply