Breaking

নতুন সংসদ ভৱনে নতুন আৰু পুৰণিৰ সহ-অস্তিত্ব কঢ়িয়াব – প্ৰধানমন্ত্ৰী মোদী

0 2,077

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজনৈতিক দল, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে । যিটো ২০২২ চনৰ ভিতৰত ৯৭১ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। অনুষ্ঠানটোত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন সংসদ ভৱনে ‘নতুন আৰু পুৰণিৰ সহ-অস্তিত্ব’ বহন কৰিব আৰু ই দেশৰ ইতিহাসৰ এক মাইলৰ খুটি হব।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “নতুন সংসদ ভৱন টো আত্ম নিৰ্ভৰ ভাৰতৰ সাক্ষী হ’ব । আজি যিদৰে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ইণ্ডিয়া গেটে বাহিৰত এক নতুন পৰিচয় সৃষ্টি কৰিছে, ঠিক সেইদৰে নতুন সংসদ ভৱনে নিজৰ পৰিচয় স্থাপন কৰিব। স্বাধীন ভাৰতত নিৰ্মাণ কৰা নতুন সংসদ গৃহটো দেখি আগন্তক প্ৰজন্মই গৌৰৱান্বিত হ’ব। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ইয়াক নিৰ্মাণ কৰা হৈছে।”

কৰ্ণাটকৰ পূজাৰীসকলে নতুন সংসদ ভৱনৰ স্থানত ‘ভূমি পুজন’ কৰে। অৱশ্যে, প্ৰকল্পটোৰ বিৰুদ্ধে বিভিন্ন আবেদন উচ্চতম ন্যায়ালয়ৰ ওচৰত বাকী থকা বাবে কোনো নিৰ্মাণ তৎক্ষণাৎ আৰম্ভ কৰিব নোৱাৰি।

নতুন ভৱনটোত লোকসভা চেম্বাৰৰ বাবে ৮৮৮ খন আসন থাকিব আৰু ৰাজ্যসভাৰ চেম্বাৰৰ বাবে ৩৮৪ খন আসন থাকিব। বৰ্তমানে, লোকসভাৰ আসন ৫৪৩ আৰু ৰাজ্যসভাৰ ২৪৫ খন । বিশেষ যুটীয়া অধিৱেশনৰ সময়ত নতুন লোকসভাৰ কক্ষত ১২২৪ সদস্য বহিব পাৰিব। নতুন ভৱনটোত চেণ্ট্ৰেল হল নাথাকিব । ৯৭১ কোটি টকা ব্যয়ৰে ৬৪,৫০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মান হব আৰু ভৱনটো ভূমিকম্প প্ৰতিৰোধী, আৰু আটাইতকৈ আধুনিক ডিজিটেল প্ৰযুক্তিৰ সৈতে খাপ খোৱা হ’ব। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেশী-প্ৰাপ্য স্থাপত্য অন্তৰ্ভুক্ত কৰা হব আৰু সাংস্কৃতিক বিবিধতা প্ৰদৰ্শন কৰা হব।

“নীতিৰ তাৰতম্য হ’ব পাৰে, পাৰ্থক্য হ’ব পাৰে কিন্তু আমি জনসাধাৰণৰ সেৱাৰ বাবে আমাৰ লক্ষ্যত কোনো পাৰ্থক্য থাকিব নালাগে। সংসদৰ ভিতৰত বা সংসদৰ বাহিৰত বিতৰ্ক অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় হিতৰ প্ৰতি নিষ্ঠা, ৰাষ্ট্ৰীয় হিতৰ সেৱা কৰাৰ সংকল্প নিৰন্তৰ প্ৰতিফলিত হ’ব লাগে” প্ৰধানমন্ত্ৰী মোদী ।

বৰ্তমানৰ সংসদ ভৱনটো সংৰক্ষণ কৰা হ’ব কিয়নো ই দেশৰ এক প্ৰান্তিক সম্পদ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়।

সংসদ ভৱনৰ আধাৰশিলা স্থাপন আৰু ‘ভূমি পুজন’ অনুষ্ঠানত আমন্ত্ৰিতসকলৰ মাজত উদ্যোগপতি ৰতন টাটাৰ লগতে ধৰ্মীয় নেতা সকলক দেখা পোৱা গল।

Leave A Reply