Breaking

গহপুৰৰ দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0 1,116

শনিবাৰে নিশা বিশ্বনাথৰ টকৌবাৰী ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা ৷হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু পাঁ‌চগৰাকী যুৱক যুৱতীৰ৷মৃত্যু পাঁ‌চগৰাকী যুৱক যুৱতীৰ মৰনোত্তৰ পৰীক্ষা বাবে বিহালীলৈ লৈ আনে । বিহালীৰ মৰনোত্তৰ পৰীক্ষা কেন্দ্ৰৰ সামূহিক পৰিবেশ AS 25 DC 7418 নম্বৰৰ এখন বলেৰ পিকআপ গাড়ীত হুছৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল ৷ দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে তিনিগৰাকী যুৱতী সহ দুজন যুৱকৰ ৷ যুৱতী কেইগৰাকী ক্ৰমে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়ো বৰ্ণালী বড়ো ৷নিহত যুৱক কেইজন ক্ৰমে সঞ্জয় বসুমতাৰী কলিমন বসুমতাৰী ৷আনহাতে ৫ জন আহত ৷আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাঁ‌ৱৰ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ পৰা অসমীয়াতে কৰা এটা টুইটত কয়, ‘অসমৰ বিশ্বনাথ জিলাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে অতিশয় মৰ্মাহত হৈছো।

তেওঁলোকৰ পৰিয়ালবর্গলৈ সমবেদনা জনাইছো। আহত সকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’।

Leave A Reply