Breaking

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত নৱনিযুক্ত ৭১,০০০ প্রার্থীক নিয়োগ পত্ৰ কৰিলে বিতৰণ

0 84

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত সম্বোধন কৰে। বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্রাপ্ত প্রায় ৭১,০০০ প্রার্থীক প্রধানমন্ত্রীয়ে আজি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে। নৱনিযুক্তসকলে ‘কর্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে যাৱতীয় প্ৰশিক্ষণ ল’ব পাৰিব ৷ ‘কর্মযোগী প্ৰাৰম্ভ’ হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে অনলাইন পাঠ্যক্ৰমৰ বিশেষ প্লেটফৰ্ম। আজি প্রধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সময়ত ৪৫টা স্থানৰপৰা নৱনিযুক্ত প্রার্থীসকল, জনপ্রতিনিধিসকল আৰু উচ্চপদস্থ বিষয়াসকল সংযুক্ত হৈছিল।


ৰোজগাৰ মেলাত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি, নৱনিযুক্ত প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালকো প্রধানমন্ত্ৰীয়ে আন্তৰিক অভিনন্দন জনায়। আজি প্রধানমন্ত্রীয়ে মন্তব্য কৰে যে উন্নত ভাৰতৰ সংকল্প প্রাপ্ত কৰাৰ বাবে যুৱপ্ৰজন্মৰ প্ৰতিভা আৰু শক্তিৰ সঠিক মূল্যায়ন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

ৰোজগাৰ মেলাক যুৱপ্ৰজন্মৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাৰ নিদৰ্শন বুলি কৈ প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে গুজৰাটৰপৰা অসম আৰু উত্তৰ প্ৰদেশৰপৰা মহাৰাষ্ট্ৰলৈকে এন ডি এ শাসিত ৰাজ্যসমূহত চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। তেওঁ উল্লেখ কৰে যে,মধ্যপ্ৰদেশত কালি ২২,০০০তকৈও অধিক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।

প্রধানমন্ত্ৰীয়ে লগতে কয়, “আজিৰ নতুন ভাৰতে নীতি আৰু ৰণনীতিৰ সৈতে আগবাঢ়ি গৈছে, যাৰ জৰিয়তে নতুন সম্ভাৱনাৰ দুৱাৰো মুকলি হৈছে”। তেওঁ কয় যে, ২০১৪ চনৰ পাছত পূৰ্বৰ সময়ৰ তুলনাত ভাৰতত নিযুক্তি আৰু স্ব-নিযুক্তিৰ যথেষ্ট সুযোগ সৃষ্টি হৈছে। অমৃতকালৰ ভিতৰত দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব যুৱপ্ৰজন্মই। আত্মনিৰ্ভৰ ভাৰত অভিযান হৈছে দেশৰ গাঁও, চহৰ আদি সকলোতে কোটি কোটি নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ এক অনন্য অভিযান। প্রধানমন্ত্রীয়ে ষ্টার্টআপৰ বৃদ্ধি আৰু ভাৰতীয় যুৱপ্ৰজন্মৰ উৎসাহৰ উদাহৰণ দি এক প্ৰতিবেদনৰ কথা উল্লেখ কৰে য’ত কোৱা হৈছে যে ষ্টাৰ্টআপসমূহে ৪০ লাখতকৈও অধিক প্ৰত্যক্ষ বা পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিছে। তেওঁ ড্ৰ’ন আৰু ক্রীড়া খণ্ডক নিযুক্তিৰ নতুন পথ হিচাপেও উল্লেখ কৰে।


প্রধানমন্ত্রীয়ে নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ বাবে বিনিয়োগৰ ভূমিকাৰ সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে মূলধন ব্যয়ত গুৰুত্ব দিয়াৰ ফলত পথ, ৰে’ল, বন্দৰ আৰু ভৱনৰ দৰে আন্তঃগাঁথনিৰ সৃষ্টি হৈছে। আন্তঃগাঁথনিমূলক নিযুক্তিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত মূলধন ব্যয় চাৰিগুণ বৃদ্ধি পাইছে।

প্রধানমন্ত্রী মোদীয়ে বৰ্ধিত উদ্যোগ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক শক্তিশালী কৰাৰ কথাও উল্লেখ কৰে। তেওঁ প্রধানমন্ত্রী মুদ্রা যোজনাৰ কথা উল্লেখ কৰে যিয়ে শেহতীয়াকৈ ৮ বছৰ সম্পূৰ্ণ কৰিছে। আঁচনিখনৰ অধীনত ২৩ লাখ কোটি টকাৰ অধিক বেংক গেৰাণ্টিমুক্ত ঋণ বিতৰণ কৰা হৈছে আৰু ইয়াৰ ৭০ শতাংশতকৈও অধিক হিতাধিকাৰী হৈছে মহিলা।তেওঁ কয়, “এই আঁচনিয়ে ৮ কোটি নতুন উদ্যোগীৰো সৃষ্টি কৰিছে” ।


আজি নৱনিযুক্তসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ সময়ত দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়া এক সুবর্ণ সুযোগ। এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁলোকক সোণোৱালে আহ্বান জনায়৷ গুৱাহাটীৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি এক ঐতিহাসিক মুহূর্ত, কিয়নো আমি প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমাৰ যুৱপ্ৰজন্মক শক্তিশালী কৰাৰ বাবে আৰু এখোজ আগবাঢ়িছোঁ।

আজি যোগদান কৰা ৭১,০০০ কৰ্মচাৰীৰ প্ৰতিজনকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। মোদীজীৰ সক্ষম নেতৃত্বত মই নিশ্চিত যে আপোনালোকৰ প্রত্যেকেই এই অমৃতকালত আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সবল ভূমিকা পালন কৰি যাব। মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ৰোজগাৰ মেলা হৈছে যুৱপ্ৰজন্ম চালিত উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ এক অনুপম নিদর্শন।” আজি গুৱাহাটীত ২০৭ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰে ।

Leave A Reply