Breaking

মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দৌৰাত্ম্য; গঁ‌ড়, হাতী, বাঘৰ মৃত্যু…

0 77

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান দেওবাৰে পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা বনাঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে শনিবাৰে মানাহৰ ভূঞাপাৰা বনাঞ্চলৰ কালঝাৰ কেম্পৰ সমীপত মতা গঁ‌ড়ৰ মৃত্যু হোৱা অঞ্চলো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলী পৰিদৰ্শনৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই।

সংবাদমেলখনত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দৌৰাত্ম্য হাতী গঁ‌ড় বাঘ নিধনক লৈ উদিগ্নতা প্ৰকাশ কৰি এন জি অ’ কৰ্মী , ৰাইজৰ মানাহ কৰ্তৃপক্ষৰ সৈতে সমন্বয়ৰ অভাৱ হৈছে । ভুল বুজা বুজি হৈছে বুলি মন্তব্য প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে ” মানাহত যোৱা কেইটামান দিন ধৰি গঁ‌ড়ৰ মৃত্যু হোৱা খবৰ সংবাদ মাধ্যমযোগে খবৰ লাভ কৰাৰ লগতে বিভাগীয়ভাৱেও খবৰ লাভ কৰা গৈছে । ইয়াৰ ভিতৰত তিনিটা স্বাভাৱিক মৃত্যু । শনিবাৰে মৃত্যু হোৱা গঁ‌ড়টোৰ স্বাভাৱিক মৃত্যু হৈছে । মৃত গঁ‌ড়টোৰ খৰ্গ দাত নখ উদ্ধাৰ কৰা হৈছে বাবে ইয়াক চোৰাং চিকাৰীৰ হত্যা বুলি কব নোৱাৰি । চোৰাং চিকাৰীয়ে নিধন কৰিলে খৰ্গটো লৈ গ’লেহেতেন । ইয়াৰ ওপৰত বিভাগীয়ভাৱে নিশ্চয় তদন্ত কৰা হব । এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আহিছো । মানাহৰ যি গৰিমা বিগত দিনৰ দীঘলীয়া আন্দোলনত বহুখিনি নষ্ট হৈ হৈছিল । গঁ‌ড়ৰ সংখ্যাও কমি গৈছিল । পৰৱৰ্তী সময়ত বিটিচি চৰকাৰ, মানাহ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত পুণৰ বৃদ্ধি হৈছিল গঁ‌ড়ৰ সংখ্যা । মানাহত বৃদ্ধি বাঘৰ সংখ্যা বৃদ্ধি হৈছে ৫৭ টালৈ । এটা জংঘলত বাঘৰ সংখ্যা বৃদ্ধি হোৱা মানে এই জংঘলৰ অৱস্থা ভাল । এটা বাঘ চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল চোৰাং চিকাৰীৰ ওপৰত এস্কনো হৈছে । মই ইয়াত আহিলোঁ‌ মই মুখ্যমন্ত্ৰী মানাহৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট দিম । মানাহৰ পূৰ্বৰ পৰিবেশ অতি সোনকালে ঘুৰাই আনিব লাগে । নিৰাপত্তা ব্যৱস্থা কটকটীয়া হব লাগে । মানাহক লৈ যি জাগৰণ আহিছিল এন জি অ’ সমূহে মানাহ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কংগ্ৰেছৰ দিনত দৈনিক গঁ‌ড় হত্যা কৰা হৈছিল । পিছত কৰ্তৃপক্ষই ৰাইজৰ সৈতে সমন্বয় গঢ়ি তোলাৰ পিছতে ৰোধ হৈছে গঁ‌ড় হত্যা”।

সংবাদ মেলত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই পূৰ্বৰ মানাহৰ গৰীমা অখুন্ন ৰখাৰ আহ্বান জনায় মানাহ অঞ্চলৰ ৰাইজ, সংবাদ মাধ্যম কিম্বা এনজিঅ’ কৰ্মীক। মানাহত চোৰাং চিকাৰীৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ কথা স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে । মানাহৰ যোগাত্মক বাতৰি সম্প্ৰচাৰৰ আহ্বান জনায় সংবাদমাধ্যমক ।

সংবাদমেলখনত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকক ১৪ আগষ্টত বদলিৰ নিৰ্দেশ দিয়াৰ পিছত পুণৰ এটা দিনৰ ভিতৰত বদলিৰ নিৰ্দেশ স্থগিত কৰা সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত দায়সৰা মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে । ঘটনাৰ উচিত তদন্ত কৰা হব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী ব্ৰহ্মই ।

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী দৌৰাত্ম্য ৰোধৰ বাবে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে বিভিন্ন দল সংগঠনে । ইয়াৰ পিছতো মন্ত্ৰী ইউ জি ব্ৰহ্ম , চিএইচ ডি সুমন মহাপাত্ৰৰ বন বিভাগক উদ্ধাৰৰ চেষ্টাক গৰীহনা দিয়ে প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল সংগঠনৰ ।

– লৱ কুমাৰ দাস, শালবাৰী

Leave A Reply