কবিতা শব্দৰ যাদু। কবিতাই পাঠকক মোহাবিষ্ট কৰি ৰাখে।(Poem) কোনোবাৰ মতে আকৌ কবিতা হৈছে শব্দৰ শিলত কটা ভাস্কৰ্য। কবি উইলিয়াম ওৱৰ্ডচৰ্থে কবিতাক নিজে নিজে পাৰ বাগৰি উপচি উঠা আবেগৰ ঢল বুলি কৈছিল। ভিন্ন জনৰ দৃষ্টিত কবিতাৰ সংজ্ঞা ভিন্ন হ’লেও এটা কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে কবি সকল হৈছে মানৱতা আৰু প্ৰেমৰ বাৰ্তাবাহক। কবিতাই মানুহৰ চিৰন্তন আবেগ, অনুভূতি, প্ৰেম, দয়া, মমতা, মনুষ্যত্ব আদিৰ প্ৰতিফলন ঘটায়।
কবি চিত্তৰঞ্জন লিগিৰাৰ কবিতাত এনে বিষয় সমূহেই প্ৰাধান্য লাভ কৰিছে।’ হেঁপাহৰ সুবাস’ শীৰ্ষক সংকলনৰ কবিতা সমূহত কবিৰ ব্যক্তিগত জীৱনৰ গভীৰ উপলব্ধি, শৈশৱ-কৈশোৰৰ নষ্টালজিক অনুভূতি, প্ৰকৃতি প্ৰেম, জাতীয় জীৱনৰ লগতে বিভিন্ন সামাজিক বিষয় আদিয়ে হৈছে কবিতাৰ মূল উপজীৱ্য। চিত্তৰঞ্জন লিগিৰাৰ কবিতাত বিষয়বস্তুৰ বিচিত্ৰতা লক্ষ্যণীয়। বিৰল অভিজ্ঞতা আৰু অনুপম কাব্যিক প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন তেওঁৰ কবিতা সমূহত স্পষ্ট হৈছে। ‘হেপাহৰ সুবাস’ ত সন্নিৱিষ্ট বহুকেইটা কবিতাত গ্ৰাম্য জীৱনৰ চিত্ৰ অংকনত কবি সফল হৈছে। কোনো ধৰণৰ দুৰ্বোধ্য প্ৰতীকৰ প্ৰয়োগ নকৰাকৈ কবিতাসমূহ সাৱলীল ভাৱে উপস্থাপন কৰিছে। জাতীয় চেতনাৰে উদ্বুদ্ধ কবি লিগিৰাৰ কবিতাত আছে স্বদেশপ্ৰেমৰ বাৰ্তা। সংকলনখনিত অন্তৰ্ভুক্ত কৰা ‘হায় অসমীয়া’ শীৰ্ষক কবিতাটিত জাতিৰ দুৰ্দিনত অসমীয়াই সন্মুখীন হোৱা অনাকাংক্ষিত পৰিস্থিতি প্ৰতিফলিত হৈছে।
“বিদেশীক আকোঁৱালি বৰপীৰা দিলে/ লাখে লাখে বিদেশীয়ে খোপনি পুতিলে/ ঘৰখনতেই সিহঁতৰ ঠাই নোহোৱা হ’ল/ কৰ্মবিমুখ জাতিটো ধ্বংস হৈ গ’ল।” (হায় অসমীয়া, পৃষ্ঠা-৯৭)
আধুনিক কবিতাৰ দুৰ্বোধ্যতাৰ অভিযোগৰ পৰা চিত্তৰঞ্জন লিগিৰাৰ কবিতা মুক্ত। ১৮৪ পৃষ্ঠাৰ পকা বন্ধা সংকলনখনৰ প্ৰকাশক কৈলাশ কুমাৰ ৰাজখোৱা।
লেখকঃ আব্দুল আলিম