Breaking

টীয়কত কবি অৰূপজ্যোতি হাজৰিকাৰ “পাকলগা কথা” উন্মোচন…

0 85

টীয়কৰ সাম্প্ৰতিক সময়ৰ নৱ প্ৰজন্মৰ কবি প্ৰাবন্ধিক অৰূপজ্যোতি হাজৰিকাৰ এখনি কাব্য গ্ৰন্থ “পাকলগা কথ” উন্মোচন কৰা হয়। উদীয়মান ঘোষক মাধুৰ্য্য বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট লেখক কাকজান মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক ডঃ অনিল শইকীয়া, টীয়কৰ বৰ্ষীয়মান বিশিষ্ট সমাজ সেৱক প্ৰদীপ চুতীয়া, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় ইংৰাজী বিভাগৰ প্ৰবক্তা বিশিষ্ট কবি প্ৰাঞ্জল প্ৰতিম বৰা, চিকিৎসক ডাঃ মহানন্দ নেওঁগ, আধাৰ আলোচনীৰ সম্পাদক হেমেন কুমাৰ শইকীয়া, সত্ৰীয়া কলা সংস্কৃতিৰ সাধক দিলীপ ভূঞা, সাহিত্য সংগঠক বিকি নেওগ, সমাজকৰ্মী তুষাৰ পাল, যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামী, চেলেংহাট প্ৰেছ ক্লাৱৰ সভাপতি মদন মোহন পাগবন্ধা, সাংবাদিক স্মৃতিপ্ৰিয়া লাহন, সংবাদ কৰ্মী বিৰাজ বৰা, অংকুৰ টাই আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

সভাত প্ৰাঞ্জল প্ৰতিম বৰাই কবিতা বিষয়ক বিভিন্ন দিশৰ লগতে গ্ৰন্থাকাৰ হাজৰিকাই ধাৰাবাহিক ভাবে সাহিত্য চৰ্চা কৰা প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানত মদন মোহন পাগবন্ধাই আজি উন্মোচিত গ্রন্থৰ এটি কবিতা পাঠ কৰি গ্ৰন্থাকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে। শেষত অৰূপজ্যোতি হাজৰিকাই সকলোৰে পৰা আৰ্শীবাদ কামনা কৰে।

Leave A Reply