Breaking

কবি-নিবন্ধকাৰ মুকুল নাথৰ জীৱন, নদী আৰু সভ্যতা’ গ্ৰন্থ উন্মোচন…

0 23

কবি-নিবন্ধকাৰ মুকুল নাথৰ ‘জীৱন, নদী আৰু সভ্যতা’ শীৰ্ষক এখনি গ্ৰন্থ অলপতে পি এম শ্ৰী ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে৷ গ্ৰন্থখন উন্মোচন কৰি প্ৰেম গগৈয়ে কয় যে, প্ৰতি সপ্তাহতে কাকতত যিসকল শিৱসাগৰীয়া লেখকে নিয়মীয়াকৈ লিখি আহিছে সেইসকলৰ ভিতৰত মুকুল নাথ অন্যতম৷ তেওঁ বিভিন্ন অভিজ্ঞতাক সাৰথি কৰি সহজ-সৰল ভাষাৰে গ্ৰন্থখন লিখি উলিয়াইছে৷ প্ৰজ্ঞাৰ উদ্যোগত আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই লেখকগৰাকীৰ গ্ৰন্থখনত চিন্তাৰ গভীৰতা, মৌলিকতা, ভাৱ প্ৰকাশৰ স্পষ্টবাদীতা আৰু

স্বকীয়তা প্ৰতিফলিত হৈছে বুলি কয়৷ আনহাতে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ বৰঠাকুৰে কয় যে, মাটিৰ গোন্ধ থকা মুকুল নাথৰ লেখাবোৰে বেণুধৰ শৰ্মা আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱালৈ মনত পেলায়৷ নিজস্ব দৃষ্টিভংগীৰে পৃথিৱীখন চাব খোজা নাথৰ লেখাত স্বভাৱসুলভ সৰলতা বিদ্যমান৷ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ ধ্ৰুৱজ্যোতি নাথে কয় যে, লেখকগৰাকীয়ে চমু লেখাসমূহৰ মাজেৰে একোটা গুৰুগম্ভীৰ বিষয় সূক্ষ্মভাৱে চাইছে৷

প্ৰায় এটা দশক ধৰি আমাৰ সমাজত ঘটা ঘটনা-পৰিঘটনা তেওঁ নিজাববীয়াকৈ বিশ্লেষণ কৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে৷ সভাত বিশিষ্ট কবি হৰেন গগৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তয়ো বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানৰ শেষত গ্ৰন্থখনৰ লেখক মুকুল নাথেও মনৰ অনুভৱ ব্যক্ত কৰে৷ শিল্পী হাতীবৰুৱা দাসে আঁত ধৰা অনুষ্ঠানত সমাজকৰ্মী ব্ৰজেন ফুকন, চাদিকুৰ ৰহমান, নীৰেন বৰঠাকুৰ, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সত্যজিৎ নাথ, লেখক প্ৰশান্ত বৰগোহাঁই, কবি অশ্ৰুমণি দত্ত ঘোষ,নিৰু হাজৰিকা আদিকে ধৰি জিলা খনৰ প্ৰায় ডেৰকুৰি গণ্যমান্য ব্যক্ত উপস্থিত থাকে৷

Leave A Reply